আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দুখ-কষ্টত পেলায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দুখ-কষ্টত পেলায়।
«مَنْ يُرِدِ اللهُ بِهِ خَيْرًا يُصِبْ مِنْهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা উল্লেখ কৰিছে যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ পৰা যাৰ কল্যাণ বিচাৰে তাক তেওঁ বিভিন্ন ধৰণে পৰীক্ষা কৰে, বেমাৰ আজাৰ, ধন-সম্পদৰ ক্ষতি অথবা পৰিয়ালৰ ফালৰ পৰা কষ্ট প্ৰদান কৰি পৰীক্ষা কৰে, যাতে মুমিন ব্যক্তিয়ে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি দুআ কৰে আৰু গুনাহ মাৰ্জনাৰ কাৰণে লগতে মৰ্যাদা উন্নীত হোৱাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে।
...:
মুমিন ব্যক্তিক বিভিন্ন প্ৰকাৰৰ বিপদ আপদৰ দ্বাৰা পৰীক্ষা কৰা হয়।
বিপদ-আপদে কেতিয়াবা এইটো ইংগিত কৰে যে সেই বান্দাজনক আল্লাহে ভাল পায়, তেতিয়া বান্দাৰ মর্যাদা বৃদ্ধি কৰা হয় আৰু তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হয়।
বিপদ-আপদৰ সময়ত অধৈৰ্য্য হ'বলৈ নিষেধ কৰা হৈছে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছহীহ বুখাৰী (7/ 115) (5645).
অধিক (12)
كنوز رياض الصالحين.
لمجموعة من الباحثين (1/ 509).
بهجة الناظرين.
لسليم الهلالي (1/ 98).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص45).
نزهة المتقين.
مجموعة من المشايخ (1/ 71).
شرح رياض الصالحين.
لابن عثيمين (1/ 244).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (3/ 1127).