মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।"
«إزْرَةُ المُسْلمِ إلى نصفِ السَّاق، وَلَا حَرَجَ -أو لا جُنَاحَ- فيما بينَهُ وبينَ الكعبينِ، وما كان أسفلَ منَ الكعبين فهو في النار، مَن جرَّ إزارَهُ بطرًا لم يَنْظُرِ اللهُ إليه».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, মুছলিম পুৰুষে শৰীৰৰ তলভাগত পৰিধান কৰা কাপোৰৰ অৱস্থা হৈছে তিনিটাঃ প্ৰথমঃ মুস্তাহাব তথা পছন্দনীয় হৈছে কলাফুল পৰ্যন্ত পৰিধান কৰা। দ্বিতীয়ঃ অপছন্দ নোহোৱাকৈ বৈধ, সেয়া হৈছে ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পৰিধান কৰা। আৰবী ভাষাত ভৰিৰ পতাৰ সৈতে কলাফুলক সংযুক্ত কৰা গাঁঠিক (الكعب) বোলে, যিটো ভৰিৰ পতাৰ সোঁফালে ওলাই থাকে। তৃতীয়ঃ হাৰাম। ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধা হাৰাম, লগতে জুইয়ে স্পৰ্শ কৰাৰ আশংকা আছে। আনহাতে যদি অহংকাৰ কৰি আৰু আনন্দিত হৈ তথা অবাধ্যতা কৰি পিন্ধে তেন্তে আল্লাহে তাৰ প্ৰতি ৰহমতৰ দৃষ্টিপাত নকৰিব।
এই বৈশিষ্ট্য আৰু সতৰ্কবাণী কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। নাৰীসকল ইয়াৰ পৰা ব্যতিক্ৰম। কাৰণ সিহঁতক গোটেই শৰীৰ ঢাকি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
তলত পৰিধান কৰা প্ৰতিটো কাপোৰেই ইঝাৰৰ অন্তৰ্ভুক্ত। পেণ্ট, লুংগী, পায়জামা আদি। এই সকলোবোৰ উক্ত হাদীছটোত উল্লিখিত চৰীয়তি বিধানৰ অন্তৰ্ভুক্ত।
ছুনান আবি দাঊদ (6/ 191) (4093).
ছুনান ইবনে মাজাহ (4/ 583) (3573).
মুছনাদ আহমদ (17/ 52) (11010).
(1/ 16).
অধিক (7)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 637).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 95).
كنوز رياض الصالحين.
لمجموعة من الباحثين (10/ 582).
المعجم الوسيط.
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- قاموس الكبائرموسوعة الكبائر - المجموعة الخامسة«إِزْرَةُ الْمُسْلِمِ إِلَى نِصْفِ السَّاقِ وَلَا حَرَجَ فِيمَا بَيْنَهُ وَبَيْنَ الْكَعْبَيْنِ، وَمَا كَانَ أَسْفَلَ مِنَ الْكَعْبَيْنِ فَهُوَ فِي النَّارِ، مَنْ جَرَّ إِزَارَهُ بَطَرًا (أَيْ: تَكَبُّرًا) لَمْ يَنْظُرِ اللَّهُ إِلَيْهِ»
- مجموعة زاد السيرة النبوية (2)1«إزرة المسلم إلى نصف الساق، ولا حرج -أو لا جناح- فيما بينه وبين الكعبين، وما كان أسفل من الكعبين فهو في النار».