Skip to content

আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই এবাৰ ৰাতিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিছনাত নাপালোঁ। মই তেখেতক বিচাৰিবলৈ ধৰিলোঁ, হঠাৎ মোৰ হাতে তেখেতৰ দুয়ো ভৰিৰ তালুত স্পৰ্শ কৰিলে। তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় কৰোৱা আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ "আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। তোমাৰ শাস্তিৰ পৰা তোমাৰ শান্তি আৰু স্বস্তিৰ আশ্ৰয় বিচাৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ প্ৰশংসা হিচাপ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। তুমি সেইদৰেই প্ৰশংসাৰ যোগ্য যিদৰে তুমি তোমাৰ নিজৰ প্ৰশংসা কৰিছা।

فَقَدْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لَيْلَةً مِنَ الْفِرَاشِ فَالْتَمَسْتُهُ فَوَقَعَتْ يَدِي عَلَى بَطْنِ قَدَمَيْهِ وَهُوَ فِي الْمَسْجِدِ وَهُمَا مَنْصُوبَتَانِ، وَهُوَ يَقُولُ: «اللهُمَّ أَعُوذُ بِرِضَاكَ مِنْ سَخَطِكَ، وَبِمُعَافَاتِكَ مِنْ عُقُوبَتِكَ، وَأَعُوذُ بِكَ مِنْكَ لَا أُحْصِي ثَنَاءً عَلَيْكَ أَنْتَ كَمَا أَثْنَيْتَ عَلَى نَفْسِكَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষতে শুই আছিলোঁ, ৰাতিৰ ভাগতে হঠাৎ তেখেতক অনুপস্থিত পালোঁ। সেয়ে মই হাতেৰে তেখেতক বিচাৰি আছিলোঁ হুজৰাৰ যিখিনি ঠাইত তেখেতে নামাজ পঢ়ে। অৱশেষত মই তেখেতক বিচাৰি পালোঁ, তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় অৱস্থাত আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ মই মোৰ প্ৰতি আৰু মোৰ উম্মতৰ প্ৰতি তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। লগতে তোমাৰ শাস্তিৰ পৰা তোমাৰ অগণন শান্তি আৰু স্বস্তিৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তোমাৰ সুন্দৰ সুন্দৰ নামৰ জৰিয়তে আৰু বিশেষণৰ জৰিয়তে, তোমাৰ বাহিৰে আন কোনো আশ্ৰয়দাতা নাই। মহান আল্লাহৰ বাহিৰে আন কোনেও আশ্ৰয় দিব নোৱাৰে, সেয়ে তেওঁৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। মই কেতিয়াও তোমাৰ প্ৰশংসা কৰি শেষ কৰিব নোৱাৰিম, আৰু তোমাৰ নিয়ামত তথা অনুগ্ৰহো গণনা কৰি শেষ কৰিব নোৱাৰিম, যদিও মই যিমানেই চেষ্টা নকৰোঁ কিয়। তুমি নিজে তোমাৰ নিজৰ বাবে যিদৰে প্ৰশংসা কৰিছা, সেইটোৱে তোমাৰ বাবে উপযুক্ত, কোনেও তোমাৰ প্ৰশংসাৰ হক আদায় কৰিব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এইবোৰ দুআ ছাজদাত পাঠ কৰা মুস্তাহাব।

মীৰাকে কৈছেঃ নাছায়ীৰ এটা বৰ্ণনাত আছে যে, তেখেতে এই দুআটো নামাজৰ পৰা ফাৰিগ হৈ বিছনাত শুই পঢ়িছিল।

মহান আল্লাহৰ চিফাতৰ জৰিয়তে তেওঁৰ প্ৰশংসা কৰা আৰু কোৰআন হাদীছৰ দ্বাৰা প্ৰমাণিত নামেৰে দুআ কৰা মুস্তাহাব।

ৰুকু আৰু ছাজদাত সৃষ্টিকৰ্তাৰ মহত্ব বৰ্ণনা কৰা হয়।

মহান আল্লাহৰ চিফাতৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰা বৈধ। যিদৰে তেওঁৰ সত্ত্বাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা হয়।

খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ এই কথাটোৰ এটা সুক্ষ্ম অৰ্থ আছে। ইয়াত আল্লাহৰ ওচৰত এই বুলি দুআ কৰা হৈছে যে, তেওঁ যেন তেওঁৰ সন্তুষ্টিৰ দ্বাৰা তেওঁৰ অসন্তুষ্টিৰ পৰা ৰক্ষা কৰে। এইদৰে তেওঁৰ ক্ষমাৰ জৰিয়তে যেন তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰে। সন্তুষ্টি আৰু অসন্তুষ্টি হৈছে এটা আনটোৰ বিপৰীত। এইদৰে ক্ষমা আৰু শাস্তিও হৈছে এটা আনটোৰ বিপৰীত। এতেকে যেতিয়া সেই সত্ত্বাৰ কথা উল্লেখ কৰা হৈছে, যাৰ কোনো প্ৰতিদ্বন্দীয়ে নাই, অৰ্থাৎ আল্লাহৰ নাম, সেয়ে কেৱল তেওঁৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে। ইয়াৰ দ্বাৰা এইটো বুজায় যে, তেওঁৰ ইবাদত পালনত হোৱা ত্ৰুটিবোৰ যেন তেওঁ ক্ষমা কৰি দিয়ে। লগতে যিদৰে তেওঁৰ প্ৰশংসা কৰিব লাগে সেইটো সেইদৰে পালন কৰিব নোৱাৰাৰ অপাৰগতা স্বীকাৰ কৰি কোৱা হৈছে যে, মই কদাপিও তোমাৰ পৰিপূৰ্ণ প্ৰশংসা কৰিব নোৱাৰোঁ।

সম্পাদক

ছহীহ মুছলিম (1/ 352) (486).

অধিক (8)

تطريز رياض الصالحين.

لفيصل آل مبارك (ص781).

شرح رياض الصالحين.

لابن عثيمين (5/ 510).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين 2/ 979).

طريق الهجرتين وباب السعادتين.

لابن قيم الجوزية (ص136).