Skip to content

যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।"

«مَا جَلَسَ قَوْمٌ مَجْلِسًا لَمْ يَذْكُرُوا اللَّهَ فِيهِ وَلَمْ يُصَلُّوا عَلَى نَبِيِّهِمْ إِلاَّ كَانَ عَلَيْهِمْ تِرَةً، فَإِنْ شَاءَ عَذَّبَهُمْ وَإِنْ شَاءَ غَفَرَ لَهُمْ».

আবু দাঊদ, তিৰমিজী, আৰু নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হোৱাৰ পৰা সতৰ্ক কৰিছে। তেখেতে উল্লেখ কৰিছে যে, যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় তথা ৰাছুলৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক কিয়ামতৰ দিনা ক্ষতি লোকচান অনুতাপ তথা পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী ভুল ত্ৰুটিৰ কাৰণে সিহঁতক শাস্তি বিহিব পাৰে। আনহাতে তেওঁ ইচ্ছা কৰিলে তেওঁৰ দয়া আৰু অনুগ্ৰহত ক্ষমাও কৰি দিব পাৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জিকৰ-আজকাৰৰ ফজীলত বৰ্ণিত হৈছে আৰু ইয়াৰ প্ৰতি উৎসাহিত কৰা হৈছে।

যি বৈঠকত আল্লাহক স্মৰণ কৰা হয় আৰু তেওঁৰ ৰাছুলৰ প্ৰতি দৰূদ পাঠ কৰা হয়, তেনেকুৱা বৈঠকৰ গুৰুত্ব বৰ্ণিত হৈছে। পক্ষান্তৰে যিবোৰ বৈঠকত এইবোৰ কৰা নহয়, তেনেকুৱা বৈঠক সেইসকল লোকৰ কাৰণে কিয়ামতৰ দিনা ক্ষতিৰ কাৰণ হ'ব।

আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী হোৱাৰ ক্ষেত্ৰত যিটো সতৰ্ক কৰা হৈছে, সেইটো কেৱল বৈঠকৰ ক্ষেত্ৰতে নিৰ্দিষ্ট নহয়, বৰং সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য। ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ যদি কোনোবাই কোনো ঠাইত বহে আৰু তাত আল্লাহক স্মৰণ নকৰাকৈ উঠি আহে এইটোও অপছন্দনীয়।

সিহঁতে কিয়ামতৰ দিনা অনুতপ্ত হ'বঃ হয়তো সিহঁতে নেকী তথা ছোৱাব কম হোৱাৰ কাৰণে অনুতপ্ত হ'ব, কিয়নো সিহঁতে এই সময়ছোৱাত নেক কৰ্মৰ পৰা বিৰত আছিল, নাইবা সিহঁতে এইকাৰণে অনুতপ্ত হ'ব যে, সিহঁতে আল্লাহৰ অবাধ্যতাত ব্যস্ত থকাৰ কাৰণে গুনাহত পতিত হৈ শাস্তিৰ সন্মুখীন হ'ব।

ভাবি চাওকচোন! বৈধ ক্ষেত্ৰত কেৱল অমোনোযোগী হৈ থকাৰ কাৰণে যদি এই সতৰ্কবাণী হয়, তেন্তে হাৰাম বৈঠকৰ পৰিণতি কি হ'ব পাৰে, য'ত গীবত, সমালোচনা আদি কৰা হয়?

সম্পাদক

ছুনান আবি দাঊদ (7/ 221) (4855).

ছুনান তিৰমিজী (5/ 391) (3380).

ছুনান আল-কুবৰা লিন নাছায়ী (9/ 155) (10163).

অধিক (6)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 524).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 396).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 464).