Skip to content

মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

হুদাইবিয়্যাৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا لِيَغْفِرَ لَكَ اللهُ} পৰা {فَوْزًا عَظِيمًا} লৈকে।[الفتح: ١-٥] তেতিয়া তেওঁলোক আছিল কষ্ট বেদনা আৰু ক্ষোভেৰে পৰিপূৰ্ণ। তেওঁলোকে হুদাইবিয়্য়াতেই কুৰবানীৰ জন্তুবোৰ কুৰবানী কৰিছিল। তেতিয়া তেখেতে ক'লেঃ "মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।"

لَمَّا نَزَلَتْ: {إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا لِيَغْفِرَ لَكَ اللهُ} إِلَى قَوْلِهِ {فَوْزًا عَظِيمًا} [الفتح: ١-٥] مَرْجِعَهُ مِنَ الْحُدَيْبِيَةِ، وَهُمْ يُخَالِطُهُمُ الْحُزْنُ وَالْكَآبَةُ، وَقَدْ نَحَرَ الْهَدْيَ بِالْحُدَيْبِيَةِ، فَقَالَ: «لَقَدْ أُنْزِلَتْ عَلَيَّ آيَةٌ هِيَ أَحَبُّ إِلَيَّ مِنَ الدُّنْيَا جَمِيعًا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, যেতিয়া ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মহান আল্লাহৰ এই বাণী অৱতীৰ্ণ হ'লঃ "(হে ৰাছুল!) নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়, যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে, লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য দান কৰে। তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে, যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়। যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেৱেঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।" (ছুৰা আল-ফাতাহঃ ১-৫) এইটো অৱতীৰ্ণ হৈছিল হুদাইবিয়্যাৰ পৰা উভতি অহাৰ সময়ছোৱাত। চাহাবাসকল সেই সময়ত অত্যন্ত দুখ আৰু ক্ষোভত ভাগি পৰিছিল। কাৰণ তেওঁলোকক ওমৰাহ আদায় কৰিবলৈ বাধা প্ৰদান কৰা হৈছিল। এই কাৰণেই সন্ধি কৰিবলগীয়া হৈছিল। তেওঁলোকে ভাবিছিল এই সন্ধি মুছলিমসকলৰ বাবে উচিত নহয়। তেওঁলোকে হুদাইবিয়াতেই কুৰবানীৰ জন্তুবোৰ জবেহ কৰিবলগীয়া হৈছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইয়াৰ দ্বাৰা গম পোৱা গ'ল যে, মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিমান ডাঙৰ নিয়ামত প্ৰদান কৰিছে, যেতিয়া তেওঁ ছুলাহে হুদাইবিয়্যাত মহা বিজয় দান কৰিছিল। এই বিষয়ে মহান আল্লাহে কৈছেঃ নিশ্চয় আমি আপোনাক মহা বিজয় প্ৰদান কৰিছোঁ।...

ইয়াৰ দ্বাৰা এইটোও স্পষ্ট হ'ল যে, মহান আল্লাহে চাহাবাসকলৰ প্ৰতি বিশেষ কৃপা কৰিছে, যেতিয়া তেওঁলোকে আল্লাহৰ আদেশৰ সন্মুখত সম্পূৰ্ণৰূপে নত স্বীকাৰ কৰিছিল। তেওঁলোকৰ এই আজ্ঞাকাৰিতাৰ প্ৰতিদান স্বৰূপে আল্লাহে কৈছেঃ তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব।..

এই কথাও স্পষ্ট যে, মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত মহা অনুগ্ৰহ কৰিছে আৰু তেওঁলোকক সহায়-সহযোগিতা আৰু বিজয়ৰ প্ৰতিশ্ৰুতি দিছে।

ছাদীয়ে এই আয়াত "ইন্না ফাতাহনা লাকা ফাতহাম মুবীনা" (ছুৰা আল-ফাতাহ: ১)ৰ তফছীৰত কৈছে যে, ইয়াত উল্লেখ কৰা বিজয়টো হৈছে ছুলাহ-এ-হুদাইবিয়া। ইয়াত সেই সময়ৰ কথা উল্লেখ হৈছে, যেতিয়া মুশ্বৰিকসকলে মুহাম্মদ ﷺক ওমৰাহ কৰিবলৈ বাধা প্ৰদান কৰিছিল, আৰু এইটো হৈছে এটা দীঘল ঘটনাৰ অংশ। অৱশেষত এইটো হৈছিল যে, আল্লাহৰ ৰছুল ﷺএ সিহঁতৰ সৈতে সন্ধি কৰিছিল। এই সন্ধি অনুসৰি সিদ্ধান্ত লোৱা হৈছিল যে, দুয়ো পক্ষৰ মাজত দহ বছৰলৈকে কোনো যুদ্ধ নহ'ব, অহা বছৰ মুছলিমসকলে ওমৰাহ কৰিব পাৰিব। এইদৰে যিয়ে ক্বুৰাইশ্বৰ সংহতিত অন্তৰ্ভুক্ত হ'ব বিচাৰে, তেওঁ অন্তৰ্ভুক্ত হ'ব পাৰে, আৰু যিয়ে আল্লাহৰ ৰছুল ﷺৰ সংহতিত অন্তৰ্ভুক্ত হ'ব বিচাৰে, তেওঁ অন্তৰ্ভুক্ত হ'ব পাৰে। এই সন্ধিৰ কাৰণে, যেতিয়া মানুহে ইজনে-সিজনৰ পৰা নিৰাপত্তা অনুভৱ কৰিলে, তেতিয়া আল্লাহৰ দ্বীনৰ প্ৰচাৰ প্ৰসাৰ দ্ৰুত গতিত হ'বলৈ ধৰিলে। মুছলিমসকল য'তেই আছিল, তেওঁলোকে নিজৰ ঈমানৰ সৈতে মুক্তভাৱে থাকিব পাৰিছিল আৰু ইছলামৰ প্ৰতি আহ্বান কৰিব পাৰিছিল। যিসকলে ইছলামৰ সত্যতা জানিবলৈ ইচ্ছুক আছিল, তেওঁলোকে ইয়াক বুজাৰ সুযোগ লাভ কৰিছিল। এই সময়ছোৱাত মানুহে দলে দলে ইছলামত প্ৰৱেশ কৰিছিল। সেয়ে আল্লাহে এই সন্ধিক "ফাতাহ" (বিজয়) বুলি উল্লেখ কৰিছে আৰু ইয়াক "ফাতহে-মুবীন" (স্পষ্ট আৰু মহা বিজয়) ৰূপে বৰ্ণনা কৰিছে, কাৰণ মুশ্বৰিকসকলৰ অঞ্চলসমূহ জয় কৰাৰ মূল উদ্দেশ্য হৈছে আল্লাহৰ দ্বীনক শক্তিশালী কৰা আৰু মুছলিমসকলক সফলতা প্ৰদান কৰা, আৰু এই উদ্দেশ্য এই সন্ধিৰ মাধ্যমত সম্পূৰ্ণৰূপে প্ৰাপ্ত হৈছিল।

সম্পাদক

ছহীহ মুছলিম (3/ 1413) (1786).

অধিক (2)

تفسير القرطبي (16/ 259-265).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (31/ 234).