ফৰজ গোছলৰ পদ্ধতি
উম্মুল মুমিনীন মাইমূনাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে (ফৰজ) গোছলৰ পানী ৰাখিলোঁ, আৰু এটা কাপোৰেৰে পৰ্দা কৰি দিলোঁ। তেখেতে দুয়ো হাতৰ ওপৰত পানী ঢালি দুয়ো হাত ধুই ল’লে। তাৰ পিছত সোঁহাতেৰে বাওঁহাতত পানী ঢালি লজ্জাস্থান ধুই ল’লে। ইয়াৰ পাছত মাটিত হাত ঘঁহি পৰিষ্কাৰ কৰিলে আৰু তাৰ পিছত ধুই ল’লে। ইয়াৰ পাছত কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। তাৰ পাছত মুখমণ্ডল ধুলে আৰু দুয়ো বাহু ধুই ল’লে। ইয়াৰ পিছত মূৰত পানী ঢালিলে আৰু সম্পূৰ্ণ শৰীৰত পানী ঢালিলে। তাৰ পাছত অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই ল’লে। ইয়াৰ পিছত (শৰীৰ মচিবলৈ) মই এখন কাপোৰ আনি দিলোঁ কিন্তু তেখেতে গ্ৰহণ নকৰিলে। আনকি তেখেতে হাতেৰে শৰীৰৰ পানী জোকাৰি পেলাই আগবাঢ়ি গ'ল।
وَضَعْتُ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ غُسْلًا، فَسَتَرْتُهُ بِثَوْبٍ، وَصَبَّ عَلَى يَدَيْهِ، فَغَسَلَهُمَا، ثُمَّ صَبَّ بِيَمِينِهِ عَلَى شِمَالِهِ، فَغَسَلَ فَرْجَهُ، فَضَرَبَ بِيَدِهِ الأَرْضَ، فَمَسَحَهَا، ثُمَّ غَسَلَهَا، فَمَضْمَضَ وَاسْتَنْشَقَ، وَغَسَلَ وَجْهَهُ وَذِرَاعَيْهِ، ثُمَّ صَبَّ عَلَى رَأْسِهِ وَأَفَاضَ عَلَى جَسَدِهِ، ثُمَّ تَنَحَّى، فَغَسَلَ قَدَمَيْهِ، فَنَاوَلْتُهُ ثَوْبًا فَلَمْ يَأْخُذْهُ، فَانْطَلَقَ وَهُوَ يَنْفُضُ يَدَيْهِ.
হাদীছটোত উম্মুল মুমিনীন মাইমূনা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফৰজ গোছলৰ পদ্ধতিৰ বৰ্ণনা দাঙি ধৰিছে যে, তেওঁ তেখেতৰ বাবে গোছলৰ পানীৰ যোগান ধৰিলে আৰু এখন কাপোৰেৰে পৰ্দা কৰি দিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ গোছল কৰিলেঃ প্ৰথমঃ তেখেতে পানীৰ পাত্ৰত হাত সোমোৱাই দিয়াৰ আগতে দুয়ো হাতত পানী ঢালিলৈ হাত দুখন ধুই লৈছিল। দ্বিতীয়ঃ সোঁহাতেৰে বাওঁ হাতৰ ওপৰত পানী ঢালি লজ্জাস্থান পৰিষ্কাৰ কৰিছিল। যাতে লজ্জাস্থানত লাগি থকা ময়লা পৰিষ্কাৰ কৰিব পাৰে। তৃতীয়ঃ ইয়াৰ পিছত সেই হাত মাটিত ঘঁহি ধুই লৈছিল, যাতে হাতৰ পৰা ময়লা দূৰ হয়। চতুৰ্থঃ কুলি কৰিছিল। অৰ্থাৎ মুখত পানীলৈ মুখৰ ভিতৰত ঘূৰাইছিল আৰু তাৰ পিছত পেলাই দিছিল। ইয়াৰ পিছত ইস্তিনশ্বাক্ব কৰিছিলঃ অৰ্থাৎ নাকৰ ভিতৰত পানী দি জোকাৰি পেলাইছিল যাতে নাক পৰিষ্কাৰ হয়। পঞ্চমঃ মুখমণ্ডল ধুইছিল আৰু দুয়ো হাত কিলাকুটিলৈকে ধুইছিল। ষষ্ঠঃ মূৰত পানী ঢালিছিল। সপ্তমঃ সম্পূৰ্ণ শৰীৰত পানী ঢালিছিল। অষ্টমঃ ইয়াৰ পিছত তেখেতে অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই লৈছিল, ইতিপূৰ্বে তেখেতে ভৰি ধোৱা নাছিল। ইয়াৰ পিছত তেওঁ তেখেতৰ বাবে এখন কাপোৰ আনিলে, যাতে তেখেত শৰীৰ মচি লয়। কিন্তু তেখেতে সেয়া গ্ৰহণ কৰা নাছিল। তেখেতে হাতেৰে শৰীৰত থকা পানী জোকাৰি পেলাইছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলেও তেখেতৰ জীৱনৰ বৃত্তান্ত সুক্ষ্মভাৱে আয়ত্ত কৰি বৰ্ণনা কৰিছিল, উম্মতক শিকাবলৈ।
এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত ফৰজ গোছলৰ অন্যতম এটা পৰিপূৰ্ণ পদ্ধতি। আনহাতে বৈধ গোছলৰ পদ্ধতি হৈছে, মাজমাজা আৰু ইস্তিনশ্বাক্ব (অৰ্থাৎ কুলি আৰু নাক চাফা) কৰি সম্পূৰ্ণ শৰীৰত পানী ঢালি লোৱা।
গোছল অথবা অজুৰ পিছত কাপোৰেৰে শৰীৰ মচি লোৱা বা এৰি দিয়াটো হৈছে মুবাহ।
ছহীহ বুখাৰী (1/ 63) (276).
ছহীহ মুছলিম (1/ 254) (317).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
للبسام (ص64).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 78).