তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব।
আবু উমামা আল-বাহিলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব। তোমালোকে দুটা উজ্জ্বল ছুৰা অৰ্থাৎ ছুৰা আল-বাক্বাৰাহ আৰু ছুৰা আলে-ইমৰান (যাক 'ঝাহৰাৱাইন' বোলা হয়) তিলাৱত কৰা। কিয়নো কিয়ামতৰ দিনা এই দুটা ছুৰা এনেকৈ আহিব যেনিবা দুডোখৰ মেঘ খণ্ড, অথবা দুটা ছাঁ, নাইবা শাৰী পাতি উৰি থকা চৰাইৰ জাক। এই দুটাই নিজৰ তিলাৱতকাৰীৰ সপক্ষে প্ৰমাণ দাঙি ধৰিব। তোমালোকে ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা, কিয়নো এইটো হৈছে বৰকতপূৰ্ণ, আৰু ইয়াক এৰি দিয়াটো হৈছে হতাশাজনক। বাতিল পন্থীয়ে ইয়াৰ মুকাবিলা কৰিবলৈ সক্ষম নহয়।"
«اقرؤوا القرآنَ فإنَّه يأتي يوم القيامة شَفِيعًا لأصحابه، اقرؤوا الزَّهرَاوَين البقرةَ وسورةَ آل عِمران، فإنهما تأتِيان يوم القيامة كأنهما غَمَامَتان، أو كأنهما غَيَايَتانِ، أو كأنهما فِرْقانِ من طَيْر صَوافٍّ، تُحاجَّان عن أصحابهما، اقرؤوا سورة البقرة، فإن أخذها بَرَكة، وتركها حَسْرة، ولا تستطيعها البَطَلَة».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিয়মীয়াকৈ কোৰআন পঢ়িবলৈ উৎসাহিত কৰিছে। কিয়নো কিয়ামতৰ দিনা এই ছুৰা দুটাই ইয়াৰ পঢ়ুৱৈ আৰু অনুসৰণকাৰীসকলৰ বাবে ছুপাৰিছ কৰিব। ইয়াৰ পিছত তেখেতে বিশেষভাৱে ছুৰা আল-বাক্বাৰাহ আৰু আলে-ইমৰান পঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, লগতে তেখেতে এই ছুৰা দুটাক "ঝাহৰাৱাইন" (দুটা উজ্জ্বল ছুৰা) বুলি নামকৰণ কৰিছে। ইয়াৰ পোহৰ আৰু হিদায়তৰ বাবে। এই ছুৰা দুটা পঢ়াৰ, ইয়াৰ অৰ্থৰ প্ৰতি চিন্তা চৰ্চা কৰাৰ আৰু সেইমতে আমল কৰাৰ ছোৱাব তথা প্ৰতিদান কিয়ামতৰ দিনা দুডোখৰ ডাৱৰৰ দৰে আগমন কৰিব, অথবা দুটা চৰাইৰ জাকৰ দৰে (যিয়ে নিজৰ পাখি মেলি উৰি থাকে আৰু ইটোৱে সিটোৰ লগত সংলগ্ন হৈ থাকে) আহিব, যিবোৰে ইয়াৰ অনুসৰণকাৰীক ছাঁ দিব আৰু তেওঁলোকৰ পক্ষত যুক্তি দৰ্শাব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছুৰা আল-বাক্বাৰাহ নিয়মীয়াকৈ পঢ়িবলৈ, ইয়াৰ অৰ্থৰ প্ৰতি চিন্তা চৰ্চা কৰিবলৈ আৰু ইয়াৰ ভিতৰত থকা বিধি-বিধান মতে আমল কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেখেতে কৈছে, ইয়াৰ মাজত নিহিত আছে ইহকাল আৰু পৰকালৰ বহুতো বৰকত আৰু উপকাৰ। ইয়াক পৰিত্যাগ কৰিলে কিয়ামতৰ দিনা হতাশ আৰু নিৰাশ হৈ অনুতপ্ত হ'বলগীয়া হ'ব। এই ছুৰাৰ অন্যতম আন এটা বিশেষত্ব হৈছে এই যে, যাদুকৰসকলে ইয়াৰ পঢ়ুৱৈক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব।
বেছি বেছি কোৰআন তিলাৱত কৰিবলৈ আদেশ দিয়া হৈছে। কিয়ামতৰ দিনা ই ইয়াৰ তিলাৱতকাৰীৰ বাবে ছুপাৰিছ কৰিব, যিসকলে ইয়াৰ তিলাৱত কৰিছিল, ইয়াৰ হিদায়তক খামোচি ধৰিছিল, আৰু ইয়াৰ আদেশসমূহ পালন কৰিছিল, লগতে ইয়াত নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকিছিল।
ছুৰা আল-বাক্বাৰাহ আৰু ছুৰা আলে ইমৰাণ পাঠ কৰাৰ ফজীলত বৰ্ণিত হৈছে, আৰু ইয়াৰ বাবে মহা ছোৱাব প্ৰদান কৰা হয়।
ছুৰা আল বাক্বাৰাহ পাঠ কৰাৰ ফজীলত বৰ্ণিত হৈছে যে, ই ইয়াৰ তিলাৱতকাৰীক যাদুৰ পৰা সুৰক্ষিত ৰাখে।
ছহীহ মুছলিম (1/ 553) (804).
অধিক (12)
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (4/ 1460).
التنوير شرح الجامع الصغير.
لمحمد الصنعاني (2/ 606).
شرح الأربعين النووية.
لابن عثيمين (ص232).
معارج القبول بشرح سلم الوصول إلى علم الأصول.
لحافظ الحكمي (2/ 846).
التَّحبير لإيضَاح مَعَاني التَّيسير.
لمحمد الصنعاني (2/ 9).
تطريز رياض الصالحين.
لفيصل المبارك (ص579).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“اقرءوا الزهراوين البقرة وسورة آل عمران؛ فإنهما تأتيان يوم القيامة كأنهما غمامتان، أو كأنهما غيايتان، أو كأنهما فرقان من طير صواف، تحاجان عن أصحابهما”.
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«اقْرَءُوا الْقُرْآنَ فَإِنَّهُ يَأْتِي يَوْمَ الْقِيَامَةِ شَفِيعًا لَأصْحَابِهِ» [4].
- موسوعة الإيمان«اقْرَءُوا الْقُرْآنَ فَإِنَّهُ يَأْتِي يَوْمَ الْقِيَامَةِ شَفِيعًا لِأَصْحَابِهِ. اقْرَؤُوا الزَّهْرَاوَيْنِ الْبَقَرَةَ، وَسُورَةَ آلِ عِمْرَانَ، فَإِنَّهُمَا تَأْتِيَانِ يَوْمَ الْقِيَامَةِ كَأَنَّهُمَا غَمَامَتَانِ، أَوْ كَأَنَّهُمَا غ