Skip to content

এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।

আলী বিন আবি তালিব -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাওঁ হাতত ৰেচম আৰু সোঁ হাতত সোণ লৈ দুয়ো হাত ওপৰলৈ উঠাই ক'লেঃ "এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।"

أَخَذَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ حَرِيرًا بِشِمَالِهِ، وَذَهَبًا بِيَمِينِهِ، ثُمَّ رَفَعَ بِهِمَا يَدَيْهِ، فَقَالَ: «إِنَّ هَذَيْنِ حَرَامٌ عَلَى ذُكُورِ أُمَّتِي، حِلٌّ لِإِنَاثِهِمْ».

আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ ৰেচমৰ এটা কাপোৰ বা এটুকুৰা ৰেচমৰ বস্ত্ৰ বাওঁ হাতত লৈ, আৰু সোঁ হাতত সোণৰ এটা অলংকাৰ লৈ ঘোষণা কৰিলে যে, ৰেচম আৰু সোণ পুৰুষসকলে পৰিধান কৰা হাৰাম। আনহাতে নাৰীসকলৰ বাবে বৈধ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ছিন্ধিয়ে কৈছেঃ (হাদীছটোত হাৰাম শব্দ)ৰ দ্বাৰা পিন্ধাটো হাৰাম বুলি বুজোৱা হৈছে। আনহাতে ব্যৱসায় বাণিজ্য বা লেনদেন নাইবা আদান-প্ৰদান কৰাত কোনো অসুবিধা নাই, এইটো বৈধ। আনহাতে সোণেৰে নিৰ্মিত বাচন বৰ্তন ব্যৱহাৰ কৰাটো সকলোৰে বাবে হাৰাম।

নাৰীসকলৰ সৌন্দৰ্যৰ বাবে ইছলামী চৰীয়তে তেওঁলোকক প্ৰশস্ততা প্ৰদান কৰিছে।

সম্পাদক

ছুনান আবি দাঊদ (6/ 165) (4057).

ছুনান নাছায়ী (8/ 160) (5144).

ছুনান ইবনে মাজাহ (4/ 594) (3595).

অধিক (4)

شرح رياض الصالحين.

لابن عثيمين (2/ 613).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 99).