যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।
মা'ক্বিল বিন য়াছাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।"
«الْعِبَادَةُ فِي الْهَرْجِ كَهِجْرَةٍ إِلَيَّ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ফিতনা ফাছাদৰ সময়ত তথা যুদ্ধ বিগ্ৰহৰ সময়ছোৱাত, যেতিয়া মানুহৰ মাজত অৰাজকতাৰ সৃষ্টি হয় সেই সময়ছোৱাত ইবাদতত মনোনিৱেশ কৰিব লাগে তথা ইয়াক মজবুতভাৱে ধাৰণ কৰিব লাগে, ইয়াৰ ছোৱাব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে হিজৰত কৰাৰ দৰে। কিয়নো এই সময়ছোৱাত সকলোৱে ইবাদতৰ পৰা অমনোযোগী হৈ থাকে। কেৱল আঙুলিত গণিব পৰা লোকৰ বাহিৰে সকলোৱে ইয়াৰ পৰা অমনোযোগী হৈ থাকে।
ফিতনাৰ সময়ছোৱাত ফিতনাৰ পৰা সুৰক্ষিত থকাৰ বাবে ইবাদত কৰিবলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোত অমনোযোগিতাৰ সময়ত আৰু ফিতনাৰ সময়ত ইবাদত কৰাৰ ফজীলত বৰ্ণিত হৈছে।
মুছলিম ব্যক্তিৰ বাবে উচিত ফিতনাৰ ঠাই পৰিত্যাগ কৰা, লগতে অমনোযোগিতাৰ পৰা সতৰ্ক থকা উচিত।
ছহীহ মুছলিম (4/ 2268) (2948).
অধিক (4)
كشف المشكل من حديث الصحيحين (2/ 42).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (45/ 5).
بهجة الناظرين (2/ 455).
نزهة المتقين (ص942).