চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
«لَا يَدْخُلُ الْجَنَّةَ قَتَّاتٌ».
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত উল্লেখ কৰিছে যে, আৰবী শব্দ নাম্মাম (চোগলখোৰ বা খলুৱা) ব্যক্তি হৈছে সেইজন, যিয়ে মানুহৰ মাজত ফিতনা ফাছাদ সৃষ্টি কৰিবলৈ ইজনৰ কথা সিজনক লগাই ফুৰে, সেই ব্যক্তি হৈছে শাস্তিৰ যোগ্য, সি জান্নাতত প্রৱেশ নকৰিব।
...:
চোগলখোৰী বা খলুৱাগিৰি হৈছে কবীৰাহ গুনাহ।
ইজনৰ কথা সিজনক লগাই ফুৰা নিষিদ্ধ। কিয়নো ইয়াৰ ফলত ব্যক্তি জীৱনত আৰু সমাজত ফিতনা সৃষ্টি হয় তথা অনিষ্ট সাধন হয়।
ছহীহ বুখাৰী (8/ 17) (6056).
ছহীহ মুছলিম (1/ 101) (105).
অধিক (8)
شرح رياض الصالحين.
لابن عثيمين (6/ 145).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (6/ 401).
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 452).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 273).