Skip to content

তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।

আব্দুৰ ৰহমান বিন ছামুৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।"

«لَا تَحْلِفُوا بِالطَّوَاغِي، وَلَا بِآبَائِكُمْ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তাৱাগীৰ শপত খাবলৈ নিষেধ কৰিছে। তাৱাগী হৈছে তাগিয়াৰ বহুবচন। ইয়াৰ দ্বাৰা সেইবোৰ মূৰ্ত্তিক বুজোৱা হৈছে, যিবোৰ মূৰ্ত্তিৰ উপাসনা মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে কৰিছিল। লগতে এইটোৱে আছিল সিহঁতৰ কুফৰী আৰু অস্বীকাৰ কৰাৰ কাৰণ। এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে। কাৰণ অজ্ঞতাযুগত আৰবীয়ানসকলে সগৌৰৱে নিজৰ পিতৃপুৰুষৰ শপত খাইছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মহান আল্লাহ, তেওঁৰ নাম আৰু গুণাৱলীসমূহৰ বাহিৰে আনৰ নামত শপত খোৱা বৈধ নহয়।

বাতিল উপাস্য, পিতৃপুৰুষ, প্ৰভাৱশালী ব্যক্তি আৰু মূৰ্ত্তি আদিৰ শপত খোৱা হাৰাম। এনেকুৱা সকলো প্ৰকাৰ বস্তুৰ শপত খোৱা বাতিল।

আল্লাহৰ বাহিৰে আনৰ নামত শপত খোৱাটো হৈছে শ্বিৰ্কে আচগৰ। কেতিয়াবা ই শ্বিৰ্কে আকবাৰো হয়। যদি শপতকৃত সত্ত্বাক অন্তৰেৰে উপাস্য সমতুল্য গণ্য কৰে, যিদৰে আল্লাহক সন্মান কৰা হয়। অথবা তাক যদি উপাসনাযোগ্য বুলি ধাৰণা কৰে।

সম্পাদক

ছহীহ মুছলিম.

অধিক (8)

نزهة المتقين.

مجموعة من الباحثين (2/ 1166).

شرح رياض الصالحين.

لابن عثيمين (6/ 451).

سبل السلام.

لمحمد الصنعاني (2/ 545).

المنهاج شرح صحيح مسلم.

للنووي (11/ 108).