Skip to content

তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।"

«البَسُوا مِنْ ثِيَابِكُمُ البَيَاضَ، فَإِنَّهَا مِنْ خَيْرِ ثِيَابِكُمْ، وَكَفِّنُوا فِيهَا مَوْتَاكُمْ».

(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক বগা কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশনা দিছে আৰু মৃত ব্যক্তিকো বগা কাপোৰেৰে কাফন দিবলৈ উপদেশ দিছে। কাৰণ এইটো হৈছে উত্তম কাপোৰ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বগা কাপোৰ পৰিধান কৰা মুস্তাহাব। যদিও বেলেগ ৰঙৰ কাপোৰ পৰিধান কৰা বৈধ।

বগা কাপোৰেৰে মৃত ব্যক্তিক কাফন দিয়াটো মুস্তাহাব।

শ্বাওকানীয়ে কৈছেঃ হাদীছটোৱে প্ৰমাণ কৰে যে, পুৰুষসকলে বগা কাপোৰ পৰিধান কৰিব লাগে আৰু মৃত ব্যক্তিক বগা কাপোৰেৰেই কাফন দিব লাগে। কাৰণ বগা কাপোৰ অন্যান্য কাপোৰতকৈ উত্তম তথা পৱিত্ৰ। এই ৰং যে উত্তম সেয়া স্পষ্ট, কিন্তু এইটো পৱিত্ৰ এইকাৰণে যে, ইয়াত সৰু কিবা ময়লা লাগিলেই সেয়া স্পষ্টৰূপে পৰিলক্ষিত হয়, যাৰ ফলত ইয়াৰ শ্ৰেষ্ঠত্ব প্ৰমাণিত হয়।

সম্পাদক

ছুনান আবি দাঊদ (6/ 27) (3878).

ছুনান তিৰমিজী (2/ 311) (994).

ছুনান ইবনে মাজাহ (2/ 453) (1472).

অধিক (1)

ذخيرة العقبى في شرح المجتبى (19/ 16).