Skip to content

আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।

أَنَّهُ كَانَ يَقُولُ إِذَا أَصْبَحَ: «اللهُمَّ بِكَ أَصْبَحْنَا، وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ، وَإِلَيْكَ النُّشُورُ» وَإِذَا أَمْسَى قَالَ: «بِكَ أَمْسَيْنَا، وَبِكَ أَصْبَحْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ، وَإِلَيْكَ النُّشُورُ» قَالَ: وَمَرَّةً أُخْرَى: «وَإِلَيْكَ الْمَصِيرُ».

আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৱাৰ ভাগত, অৰ্থাৎ ফজৰৰ পিছত দিনৰ প্ৰথম সময়ছোৱাত এই দুআটো পাঠ কৰিছিলঃ (اللَّهُمَّ بِكَ أَصْبَحْنَا) হে আল্লাহ! তোমাৰ হিফাজতৰ ভিতৰত থাকি, তোমাৰ নিয়ামতেৰে আগুৰি থাকি, তোমাৰ স্মৰণত ব্যস্ত হৈ, তোমাৰ নামৰ সহায় বিচাৰি, তোমাৰ তাওফীকেৰে, তোমাৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰে গতি কৰি পুৱাৰ ভাগত উপনীত হ'লোঁ। (وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ) অৰ্থাৎ পূৰ্বৱৰ্তী শব্দসমূহৰ দৰেই, কিন্তু সন্ধিয়াৰ সময়ত এইদৰে কোৱা হয়ঃ হে আল্লাহ! আমি তোমাৰ অধীনতে সন্ধিয়াত উপনীত হ'লোঁ, তোমাৰ জীৱন দানকাৰী নামেৰে মই জীৱিত হওঁ আৰু তোমাৰ মৃত্যু প্ৰদানকাৰী নামেৰে আমি মৃত্যুবৰণ কৰোঁ। (وَإِلَيْكَ النُّشُورُ) আৰু মৃত্যুৰ পিছত তোমাৰ ওচৰতে পুনৰুত্থিত হৈ যাব লাগিব। মৃত্যুৰ পিছত পুনৰুত্থিত, একত্ৰিত হোৱাৰ পিছত বিচ্ছেদ, সকলো সময়তে আৰু সকলো পৰিস্থিতিতে এইটো আমাৰ অৱস্থা, ইয়াৰ পৰা আমি পৃথক হ'বও নোৱাৰোঁ আৰু এৰিবও নোৱাৰোঁ। আচৰৰ পিছত সন্ধিয়াত উপনীত হোৱাৰ সময়ত এনেকৈ ক'ব লাগেঃ ("আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ”৷) পৃথিৱীৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই আৰু আখিৰাতৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই, তুমিয়েই মোক জীৱন দান কৰা আৰু তুমিয়েই মোক মৃত্যু প্ৰদান কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি এই দুআ পুৱা গধূলি পাঠ কৰাটো মুস্তাহাব।

সকলো সময়তে আৰু সকলো অৱস্থাতে বান্দা নিজ প্ৰতিপালকৰ মুখাপেক্ষী।

পুৱাৰ ভাগত জিকৰ-আজকাৰ পাঠ কৰা উত্তম। ফজৰৰ পৰা সূৰ্যোদয় হোৱাৰ আগমূহুৰ্তলৈকে তথা দিনৰ প্ৰথম ভাগত। এইদৰে আচৰৰ পিছৰ পৰা সূৰ্য্য অস্ত যোৱাৰ আগমূহুৰ্তলৈকে। কিন্তু যদি কোনোবাই ইয়াৰ পিছত পঢ়ে, অৰ্থাৎ পুৱাৰ ভাগত সূৰ্য্য উদয় হোৱাৰ পিছত পঢ়ে, অথবা জোহৰৰ পিছত পঢ়ে, নাইবা মাগৰিবৰ পিছত পঢ়ে তথাপিও কোনো অসুবিধা নাই। এইবোৰ সময়তো পঢ়িব পাৰি।

পুৱাৰ ভাগত "وإليك النُّشور" (পুনৰুত্থিত হৈ তোমাৰ ফালেই উভতি যাম) এই কথা কোৱাৰ অৰ্থ হৈছে, পুনৰুত্থান আৰু মৃত্যুৰ পিছত কিয়ামতৰ দিনা হ'বলগীয়া ডাঙৰ পুনৰুত্থানক স্মৰণ কৰা। যিহেতু টোপনিৰ পৰা উঠি এটা নতুন জীৱন আৰু এটা নতুন দিন লাভ কৰা হয়, য'ত প্ৰাণ ওভতাই দিয়া হয়, আৰু মানুহে বিভিন্ন কামত ওলাই পৰে, আৰু এনেকুৱা এটা দিনত ভৰি দিয়ে যিটোক আল্লাহে সৃষ্টি কৰিছে, যাতে মানুহৰ বাবে এইটো এটা সাক্ষী হ'ব পাৰে। লগতে ইয়াৰ সময় আৰু প্ৰতিটো ক্ষণ হৈছে আমাৰ আমলৰ বাবে একো একোটা ধন-ভাণ্ডাৰ।

সন্ধিয়াৰ সময়ত "وإليك المصير" কোৱাৰ অৰ্থ হৈছে, এই সময়ত মানুহে কৰ্মক্ষেত্ৰৰ পৰা নিজৰ ঘৰলৈ উভতি আহে, গোটেই দিনটোৰ পৰিশ্ৰমৰ পিছত বিশ্ৰাম লয়। সেয়ে এইটোৱে তাক আল্লাহৰ ওচৰলৈ হ'বলগীয়া প্ৰত্যাৱৰ্তনৰ কথা স্মৰণ কৰায়, লগতে আখিৰাতত পাবলগীয়া পৰিণামৰ কথা মনত পেলাই দিয়ে।

সম্পাদক

ছুনান আবি দাঊদ (7/ 404) (5068).

ছুনান তিৰমিজী (5/ 398) (3391).

ছুনান আল-কুবৰা লিন নাছায়ী (9/ 209) (10323).

ছুনান ইবনে মাজাহ (5/ 35) (3868).

মুছনাদ আহমদ (14/ 290) (8649).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 576).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 458).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 503).

سبل السلام بشرح بلوغ المرام.

لمحمد الصنعاني (2/ 714).