যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"
«مَا مِنْ قَوْمٍ يَقُومُونَ مِنْ مَجْلِسٍ لَا يَذْكُرُونَ اللَّهَ فِيهِ إِلَّا قَامُوا عَنْ مِثْلِ جِيفَةِ حِمَارٍ، وَكَانَ لَهُمْ حَسْرَةً».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিসকল লোকে কোনো বৈঠকত বহে আৰু সেই বৈঠকত আল্লাহক স্মৰণ নকৰাকৈ উঠি যায়, সিহঁতৰ উদাহৰণ হৈছে এনেকুৱা লোকৰ দৰে যিসকলে গাধৰ মৰা শৱৰ ওচৰত একত্ৰিত হয়, য'ত গেলা পচা ময়লা আৱৰ্জনা থাকে। কাৰণ সিহঁতে আল্লাহৰ স্মৰণৰ পৰা কথা বতৰাত ব্যস্ত হৈ আছিল। লগতে এনেকুৱা বৈঠক কিয়ামতৰ দিনা সিহঁতৰ বাবে অনুতাপ তথা ক্ষয়-ক্ষতিৰ কাৰণ হ'ব।
আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী হোৱাৰ ক্ষেত্ৰত যিটো সতৰ্ক কৰা হৈছে, সেইটো কেৱল বৈঠকৰ ক্ষেত্ৰতে নিৰ্দিষ্ট নহয়, বৰং সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য। ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ যদি কোনোবাই কোনো ঠাইত বহে আৰু তাত আল্লাহক স্মৰণ নকৰাকৈ উঠি আহে এইটোও অপছন্দনীয়।
সিহঁতে কিয়ামতৰ দিনা অনুতপ্ত হ'বঃ হয়তো সিহঁতে নেকী তথা ছোৱাব কম হোৱাৰ কাৰণে অনুতপ্ত হ'ব, কিয়নো সিহঁতে এই সময়ছোৱাত নেক কৰ্মৰ পৰা বিৰত আছিল, নাইবা সিহঁতে এইকাৰণে অনুতপ্ত হ'ব যে, সিহঁতে আল্লাহৰ অবাধ্যতাত ব্যস্ত থকাৰ কাৰণে গুনাহত পতিত হৈ শাস্তিৰ সন্মুখীন হ'ব।
ভাবি চাওকচোন! বৈধ ক্ষেত্ৰত কেৱল অমোনোযোগী হৈ থকাৰ কাৰণে যদি এই সতৰ্কবাণী হয়, তেন্তে হাৰাম বৈঠকৰ পৰিণতি কি হ'ব পাৰে, য'ত গীবত, সমালোচনা আদি কৰা হয়?
ছুনান আবি দাঊদ (7/ 221) (4855).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 120).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 654).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (2)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"ما من قوم يقومون من مجلس لا يذكرون الله فيه، إلا قاموا عن مثل جيفة حمار، وكان لهم حسرة" .
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«مَا مِنْ قَوْمِ يَقومُونَ مِنْ مَجْلِسٍ لا يَذْكُرُونَ اللهَ تعالىٰ فِيهِ، إلا قَامُوا عَنْ مِثلِ جِيفَةِ حِمَارٍ، وكانَ لَهُم حَسرَةً».