হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।
আল-আগাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী আছিল, তেওঁ বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"
«يَا أَيُّهَا النَّاسُ تُوبُوا إِلَى اللهِ، فَإِنِّي أَتُوبُ فِي الْيَوْمِ إِلَيْهِ مِائَةَ مَرَّةٍ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মানুহক বেছি বেছি ক্ষমা প্ৰাৰ্থনা আৰু তাওবা কৰিবলৈ নিৰ্দেশ দিছে। লগতে তেখেতে নিজৰ বিষয়ে জনাই কৈছে যে, তেখেতে এদিনত এশবাৰতকৈও বেছি তাওবা কৰে আৰু ক্ষমা প্ৰাৰ্থনা কৰে। অথচ তেওঁৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিয়া আছে। ইয়াৰ মাজত আছে তেখেতৰ বিনয়ী ভাৱ আৰু আল্লাহৰ প্ৰতি থকা দাসত্বৰ বহিঃপ্ৰকাশ।
ঈমানৰ ক্ষেত্ৰত মৰ্যাদা আৰু স্থিতি যিমানেই ডাঙৰ নহওক কিয়, প্ৰতিজন ব্যক্তিয়ে সদায় আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা তথা তাওবাৰ জৰিয়তে নিজকে সংশোধন কৰাৰ প্ৰয়োজন আছে। প্ৰত্যেক ব্যক্তিয়েই কোনো নহয় কোনো ক্ষেত্ৰত আল্লাহৰ হক পালন কৰাত ত্ৰুটি কৰে। এই কাৰণেই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (وَتُوبُوا إِلَى اللَّهِ جَمِيعًا أَيُّهَ الْمُؤْمِنُونَ) হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ওচৰত তাওবা কৰা।
তাওবাৰ বিষয়টো ব্যাপক, হাৰাম তথা গুনাহৰ কাম কৰিলেও তাওবা কৰিব লাগে আৰু ওৱাজিবাত পালনত ত্ৰুটি কৰিলেও তাওবা কৰিব লাগে।
তাওবা কবূল হোৱাৰ বাবে ইখলাচ চৰ্ত। যদি কোনোবাই আল্লাহৰ বাহিৰে বেলেগৰ কাৰণে গুনাহ ত্যাগ কৰে, সেইটোক তাওবা বুলি গণ্য কৰা নহয়।
ইমাম নাৱাৱীয়ে কৈছেঃ তাওবাৰ চৰ্ত হৈছে তিনিটা। সম্পূৰ্ণৰূপে গুনাহ ত্যাগ কৰা, হৈ যোৱা পাপকৰ্মৰ ওপৰত অনুতপ্ত হোৱা, লগতে এনেকুৱা গুনাহ পুনৰ কেতিয়াও নকৰাৰ দৃঢ়ভাৱে সংকল্প লোৱা। কিন্তু যদি গুনাহটো কোনো মানুহৰ সৈতে সম্পৰ্কীয় হয় তেন্তে এই ক্ষেত্ৰত চতুৰ্থ আৰু এটা চৰ্ত আছে, সেইটো হৈছেঃ যিজন ব্যক্তিৰ অধিকাৰ খৰ্ব কৰা হৈছে সেই ব্যক্তিক তাৰ প্ৰাপ্য অধিকাৰ ঘূৰাই দিয়া অথবা তেওঁৰ ওচৰত ক্ষমা বিচাৰি দোষ মুক্ত হোৱা।
জানি থোৱা উচিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা ক্ষমা প্ৰাৰ্থনাই এইটো নুবুজায় যে, তেখেতে কোনো পাপ কৰিছিল যাৰ ফলত তাওবা কৰিছে। বৰং তেখেতে তাওবা কৰিছিল ইবাদতৰ পূৰ্ণাংগ শিখৰত উপনীত হ'বলৈ তথা আল্লাহক বেছি বেছি স্মৰণ কৰিবলৈ। লগতে এই কাৰণে কৰিছিল যে, আল্লাহৰ অধিকাৰ হৈছে আটাইতকৈ ডাঙৰ, বান্দা যিমানেই আমল নকৰক, কেতিয়াও আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিব। এইটো আছিল উম্মতৰ বাবে চৰীয়ত প্ৰণয়ন, যাতে তেওঁলোকে তেখেতৰ পিছত ইয়াৰ প্ৰতি আমল কৰে। ইয়াৰ বাহিৰেও আৰু কেইবাটাও হিকমত ইয়াৰ ভিতৰত নিহিত হৈ আছে।
ছহীহ মুছলিম (4/ 2075) (2702).
অধিক (6)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 33).
شرح رياض الصالحين.
لابن عثيمين (1/ 97).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 52).