যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।"
«مَنْ قَالَ: سُبْحَانَ اللهِ العَظِيمِ وَبِحَمْدِهِ، غُرِسَتْ لَهُ نَخْلَةٌ فِي الجَنَّةِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে এই দুআটো পাঠ কৰিবঃ ছুবহানাল্লাহিল আজীম অবিহামদিহি। ভাৱাৰ্থঃ হে আল্লাহ! তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মৰ ক্ষেত্ৰতো অত্যন্ত মহান। পৰিপূৰ্ণ তথা পূৰ্ণাংগ প্ৰশংসা একমাত্ৰ তোমাৰেই। সেই ব্যক্তিৰ বাবে জান্নাতৰ ভূমিত খেজুৰ গছ ৰোপণ কৰা হয়। যিমান বাৰ পাঠ কৰিব সিমানজোপা বৃক্ষ ৰোপণ কৰা হ'ব।
আল্লাহক বেছি বেছি স্মৰণ কৰিবলৈ তথা অধিক জিকৰ-আজকাৰ পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে। উদাহৰণস্বৰূপেঃ প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা।
জান্নাতৰ পৰিসৰ হৈছে মহা প্ৰশস্ত। আল্লাহৰ তাছবীহ আৰু তাহমীদৰ দ্বাৰা ইয়াত বৃক্ষ ৰোপণ হয়। এইটো আল্লাহৰ এটা অনুগ্ৰহ আৰু নিয়ামত।
হাদীছটোত বিশেষকৈ খেজুৰ গছৰ কথা উল্লেখ হৈছে, কিয়নো এই গছজোপাৰ বহুতো উপকাৰ আছে, আৰু ইয়াৰ ফলো সুস্বাদু। এইকাৰণেই মহান আল্লাহে পৱিত্ৰ কোৰআনত মুমিনৰ ঈমানৰ তুলনা কৰিছে খেজুৰ গছৰ সৈতে।
ছুনান তিৰমিজী (5/ 456) (3464).
অধিক (6)
مرعاة المفاتيح شرح مشكاة المصابيح.
للمباركفوري (7/ 464).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 985).
مشكاة المصابيح.
للتبريزي (2/ 713).