Skip to content

ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"

«مَا شَيْءٌ أَثْقَلُ فِي مِيزَانِ الْمُؤْمِنِ يَوْمَ القِيَامَةِ مِنْ خُلُقٍ حَسَنٍ، وَإِنَّ اللَّهَ لَيُبْغِضُ الفَاحِشَ البَذِيءَ».

(আবু দাঊদ, তিৰমিজী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা মুমিনৰ মীজানত কথা আৰু কৰ্মৰ ক্ষেত্ৰত আটাইতকৈ গধূৰ বস্তুটো হ'ব উত্তম চৰিত্ৰ। সেয়া হৈছে, হাঁহিমুখে সাক্ষাৎ কৰা, আনক কষ্ট নিদিয়া আৰু সৎকৰ্ম কৰা। কথাই হওক বা কৰ্ম আদি সকলো ক্ষেত্ৰতে মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণ আদিক ঘৃণা কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

উত্তম চৰিত্ৰৰ গুৰুত্ব। কাৰণ ই মহান আল্লাহৰ মুহাব্বতৰ উত্তৰাধিকাৰী বনায়, আৰু এইটো ক্বিয়ামতৰ দিনা অধিক গধূৰ হিচাপে বিবেচিত হ'ব।

সম্পাদক

ছুনান আবি দাঊদ (7/ 177) (4799).

ছুনান তিৰমিজী (3/ 535) (2002).

অধিক (10)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 487).

منحة العلام شرح بلوغ المرام.

لعبد الله الفوزان (10/ 264).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 673).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص410).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 526).