Skip to content

ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)

«رَغِمَ أَنْفُ رَجُلٍ ذُكِرْتُ عِنْدَهُ فَلَمْ يُصَلِّ عَلَيَّ، وَرَغِمَ أَنْفُ رَجُلٍ دَخَلَ عَلَيْهِ رَمَضَانُ ثُمَّ انْسَلَخَ قَبْلَ أَنْ يُغْفَرَ لَهُ، وَرَغِمَ أَنْفُ رَجُلٍ أَدْرَكَ عِنْدَهُ أَبَوَاهُ الكِبَرَ فَلَمْ يُدْخِلاَهُ الجَنَّةَ».

(তিৰমিজী, আহমদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনি প্ৰকাৰ লোকৰ বাবে বদ্দুআ কৰিছে যে, সিহঁতৰ নাক অপমান অপদস্থ হৈ ধূলিময় হওক। প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যাৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম লোৱা হৈছে, কিন্তু সি তেখেতৰ নাম শুনিও দৰূদ পাঠ কৰা নাই। অৰ্থাৎ চাল্লাল্লাহু আলাইহি অছাল্লাম বা এনেকুৱা কোনো বাক্য কোৱা নাই। দ্বিতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে ৰমাজান মাহ পোৱাৰ পিছতো নেক আমল কৰি নিজৰ গুনাহ খাতা মাফ কৰিব পৰা নাই। তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইছে, তথাপিও সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই। বৰং সি তেওঁলোকৰ অবাধ্যতাহে কৰিছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ মুঠতে ইয়াত উল্লেখিত প্ৰতিজন ব্যক্তিয়ে এটাকৈ সুবৰ্ণ সুযোগ পাইছিল। যিটোৰ দ্বাৰা সিহঁত পৰিপূৰ্ণৰূপে উপকৃত হ'ব পাৰিলেহেঁতেন। কিন্তু সিহঁতে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰা নাছিল, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে আৰু বিফল হৈছে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম উল্লেখ হ'লেই তেখেতৰ প্ৰতি দৰূদ পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।

ৰমাজান মাহত অধিক পৰিমাণে ইবাদত কৰিবলৈ উৎসাহিত কৰা হৈছে।

পিতৃ-মাতৃৰ সেৱা যত্ন কৰিবলৈ আৰু তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, বিশেষকৈ বৃদ্ধাৱস্থাত।

সম্পাদক

ছুনান তিৰমিজী (5/ 513) (3545).

মুছনাদ আহমদ (12/ 421) (7451).

অধিক (10)

شرح رياض الصالحين.

لابن عثيمين (3/ 411).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 963).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (2/ 744).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 485).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص767).