ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।"
«إِذَا جَاءَ رَمَضَانُ فُتِّحَتْ أَبْوَابُ الْجَنَّةِ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، وَصُفِّدَتِ الشَّيَاطِينُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ৰমাজান মাহ আৰম্ভ হোৱাৰ লগে লগে তিনিটা বিষয় সংঘটিত হয়। প্ৰথমঃ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, কোনো দুৱাৰেই বন্ধ নাথাকে। দ্বিতীয়ঃ জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, কোনো দুৱাৰেই খোলা নাথাকে। তৃতীয়ঃ চয়তান আৰু স্বৈৰাচাৰী জিনবোৰক শিকলিৰে বান্ধি থোৱা হয়। সিহঁতক এৰি দিয়া নহয়, যিদৰে ৰমাজানৰ বাহিৰত সিহঁতক এৰি থৈ দিয়া হয়। এইবোৰ সংঘটিত হয় কেৱল এই মাহৰ সন্মানৰ কাৰণে। লগতে আমলকাৰীসকলক উৎসাহিত কৰাৰ কাৰণে। যাতে বেছি বেছি নেক কাম কৰিব পাৰে, নামাজ, চাদাক্বাহ, জিকৰ-আজকাৰ আৰু কোৰআন তিলাৱত আদি কৰিব পাৰে। এইদৰে গুনাহ আৰু পাপকৰ্মৰ পৰা বিৰত থাকিব পাৰে।
ৰমাজান মাহৰ ফজীলত।
ৰোজাদাৰসকলক সুসংবাদ দিয়া হৈছে যে, এইটো হৈছে বৰকতময় মাহ, তথা কল্যাণ আৰু ইবাদতৰ ঋতু।
ৰমাজানত চয়তানক শিকলিবদ্ধ কৰি চৰীয়তৰ অধীনস্থ ব্যক্তিসকলক এই ইংগিত দিয়া হৈছে যে, ওজৰ-আপত্তিৰ কোনো সুযোগ নাই। তথা এক প্ৰকাৰ ঘোষণা কৰা হৈছে যে, চয়তানক আৱদ্ধ কৰি ৰখা হৈছে, গতিকে ইবাদতৰ পৰা আঁতৰি থকাৰ কোনো বাহনা নচলিব, লগতে গুনাহ কৰাৰো কোনো বাহনা নচলিব।
কুৰতুবীয়ে কৈছেঃ যদি এই প্ৰশ্ন কৰা হয় যে, ৰমাজান মাহতো আমি পাপকৰ্ম আৰু অসৎ কাম কৰা দেখিবলৈ পাওঁ কিয়, যদি সঁচাই এই সময়ছোৱাত চয়তানক শিকলিবদ্ধ কৰি থোৱা হয়, তেন্তে এইবোৰ সংঘটিত হ'ব নালাগিছিল? তেন্তে ইয়াৰ উত্তৰ হ'ব: পাপকৰ্ম কেৱল সেইসকল ৰোজাদাৰৰ বাবে হ্ৰাস হয়, যিসকলে ৰোজাৰ সকলো চৰ্ত পূৰণ কৰে আৰু সঠিক নিয়ম-নীতি মতে ৰোজা পালন কৰে। অথবা ইয়াৰ উত্তৰ এইটোও হ'ব পাৰে যে, কেৱল কিছুমান চয়তানকহে শিকলিবদ্ধ কৰা হয়, বিশেষকৈ স্বৈৰাচাৰী ডাঙৰ চয়তানক (মাৰাদাক) শিকলিবদ্ধ কৰি থোৱা হয়, সকলো চয়তানক নহয়, এই কথা কেইবাটাও বৰ্ণনাত উল্লেখ হৈছে। ইয়াৰ উত্তৰ এইটোও হ'ব পাৰে যে, ৰমাজানত পাপকৰ্ম তথা অসৎ কৰ্মবোৰ অন্যান্য মাহৰ তুলনাত কম হয়, এইটো এটা বাস্তৱ সত্য। এনেকুৱা কেতিয়াও নহয় যে, সকলো চয়তানক আৱদ্ধ কৰিলেই পাপকৰ্ম তথা গুনাহ একেবাৰে নাইকিয়া হৈ যাব, কিয়নো ইয়াৰ মূল কাৰণ কেৱল চয়তানেই নহয়, অন্তৰৰ কুঃপৰিকল্পনা, বেয়া অভ্যাস আৰু মানুহৰ মাজত থকা চয়তানবোৰো হৈছে এইবোৰৰ অন্যতম এটা কাৰণ।
ছহীহ বুখাৰী (3/ 25) (1899).
ছহীহ মুছলিম (2/ 758) (1079).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 362).
شرح رياض الصالحين.
لابن عثيمين (5/ 273).
كنوز رياض الصالحين.
لمجموعة من الباحثين (15/ 46).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 869).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- مشروع المنهج التعليميمادة الفقه مستوى 3«إِذَا جَاءَ رَمَضَانُ فُتِّحَتْ أَبْوَابُ الْجَنَّةِ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، وَصُفِّدَتِ الشَّيَاطِينُ»
- من أحكام الصيام«إِذَا جَاءَ رَمَضَانُ فُتِّحَتْ أَبْوَابُ الجَنَّةِ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، وَصُفِّدَتِ الشَّيَاطِينُ» [2].
- نبراس طالب (3)نبراس طالب 3«إِذَا دَخَلَ شَهْرُ رَمَضَانَ فُتِّحَتْ أَبْوَابُ الْجَنَّةِ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، وَصُفِّدَتِ الشَّيَاطِينُ»