Skip to content

তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।

আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।

سَأَلْتُ عَائِشَةَ مَا كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَصْنَعُ فِي بَيْتِهِ؟ قَالَتْ: كَانَ يَكُونُ فِي مِهْنَةِ أَهْلِهِ -تَعْنِي خِدْمَةَ أَهْلِهِ-، فَإِذَا حَضَرَتِ الصَّلاَةُ خَرَجَ إِلَى الصَّلاَةِ.

(বুখাৰী)
ছহীহ
ব্যাখ্যা

উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হ'ল যে, ঘৰৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা কি আছিল, তেখেতে কি কামত ব্যস্ত থাকিছিল? ইয়াৰ উত্তৰত তেওঁ ক'লেঃ তেখেত মানুহৰ দৰেই এজন মানুহ আছিল, পুৰুষসকলে ঘৰত যি যি কৰে, তেখেতেও তাকেই কৰিছিল। তেখেতে নিজৰ কামৰ লগতে ঘৰৰ কামতো সহযোগ কৰিছিল। ছাগলীৰ গাখীৰ খিৰাইছিল, নিজৰ কাপোৰ নিজে চিলাই কৰিছিল, নিজৰ জোতা নিজে মেৰামতি কৰিছিল, বাল্টি বাচন বৰ্তন নিজে তালি লগাইছিল। যেতিয়া নামাজৰ ইকামত হৈছিল, তেতিয়া তেখেতে অকণো পলম নকৰাকৈ লগে লগে ওলাই গৈছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগৰূপে বিনয়ী আছিল, আৰু পৰিয়ালবৰ্গৰ প্ৰতি অত্যন্ত দয়ালু আছিল।

পাৰ্থিৱ ব্যস্ততাই যেন বান্দাক নামাজৰ পৰা বিচ্যুত নকৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আওৱাল ওৱাক্ততে নামাজ আদায় কৰিছিল।

ইবনু হাজাৰে কৈছেঃ হাদীছটোত বিনয়ী হ'বলৈ আৰু অহংকাৰ পৰিত্যাগ কৰিবলৈ, লগতে পৰিয়ালবৰ্গক ঘৰোৱা কামত সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (1/ 136) (676).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 660).

شرح رياض الصالحين.

لابن عثيمين (3/ 526).

شرح صحيح البخاري.

لابن بطال (2/ 296).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 516).