যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
ছাহল ইবনে হুনাইফৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
«مَنْ سَأَلَ اللهَ الشَّهَادَةَ بِصِدْقٍ بَلَّغَهُ اللهُ مَنَازِلَ الشُّهَدَاءِ، وَإِنْ مَاتَ عَلَى فِرَاشِهِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে আল্লাহৰ ওচৰত শ্বাহাদত কামনা কৰিব তথা আল্লাহৰ পথত নিহত হোৱাটো কামনা কৰিব, যদি তাৰ নিয়্যত নির্ভেজাল থাকে, তেন্তে আল্লাহে তেওঁক শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ যুদ্ধ নকৰাকৈ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
সামৰ্থ অনুযায়ী প্ৰচেষ্টাৰ সৈতে নির্ভেজাল নিয়্যত থাকিলে উদ্দেশ্যিত ছোৱাব লাভ কৰিব পাৰি। যদিও সেই আমলটো প্ৰত্যক্ষভাৱে আদায় নহয়।
সৰ্বশক্তিমান আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আৰু শ্বহীদৰ মৃত্যু কামনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
আল্লাহে এই উম্মতক সন্মান দান কৰিছে। তেওঁ এই উম্মতৰ লোকসকলক অতি সৰু আমলৰ বিনিময়ত জান্নাতত উচ্চ মৰ্যাদা দান কৰিব।
ছহীহ মুছলিম (3/ 1517) (1909).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 123).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 87).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «مَنْ سَألَ اللهَ تعالىٰ الشَّهَادَةَ بِصِدْقٍ بَلَّغَهُ اللهُ مَنَازِلَ الشُّهَدَاءِ، وإنْ مَاتَ عَلَىٰ فِرَاشِهِ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 6«مَنْ سَألَ اللهَ تَعَالىٰ الشَّهادةَ بصدْقٍ بلَّغهُ اللهُ مَنَازلَ الشُّهداءِ، وإنْ ماتَ علىٰ فِراشِهِ».
- مشروع منهاج زادكزادك 2 طالب نهائي«مَنْ سَأَلَ اللهَ الشَّهَادَةَ بِصِدْقٍ بَلَّغَهُ اللهُ مَنَازِلَ الشُّهَدَاءِ وَإِنْ مَاتَ عَلَى فِرَاشِهِ»