মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
«لَمَّا عُرِجَ بِي مَرَرْتُ بِقَوْمٍ لَهُمْ أَظْفَارٌ مِنْ نُحَاسٍ يَخْمُشُونَ بها وُجُوهَهُمْ وَصُدُورَهُمْ، فَقُلْتُ: مَنْ هَؤُلَاءِ يَا جِبْرِيلُ، قَالَ: هَؤُلَاءِ الَّذِينَ يَأْكُلُونَ لُحُومَ النَّاسِ، وَيَقَعُونَ فِي أَعْرَاضِهِمْ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছৰা আৰু মিৰাজৰ ৰাতি যেতিয়া মোক আকাশলৈ লৈ যোৱা হৈছিল, তেতিয়া তেখেত এনেকুৱা কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিল যিসকলৰ নখবোৰ আছিল তামৰ। সিহঁতে সেই নখেৰে নিজৰ মুখমণ্ডল আৰু বুকুত আঘাত কৰি আছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক সুধিলেঃ ইহঁতে কি এনেকুৱা কাম কৰিছে, যাৰ ফলত এনেকৈ শাস্তি ভোগ কৰি আছে? তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ ইহঁত হৈছে সেইসকল লোক যিসকলে মানুহৰ গীবত (সমালোচনা) কৰিছিল, আৰু অন্যায়ভাৱে মানুহৰ সন্মান বিনষ্ট কৰিছিল।
গীবত সম্পৰ্কে কঠোৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে। আনকি গীবত কৰা ব্যক্তিক মানুহৰ মাংস ভক্ষণ কৰা লোকৰ সৈতে তুলনা কৰা হৈছে।
গীবত বা অন্য যিকোনো উপায়ে মানুহৰ সন্মান বিনষ্ট কৰাটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
তীবীয়ে "يخمشون" শব্দৰ ব্যাখ্যা কৰি কৈছেঃ যিহেতু মুখমণ্ডল আৰু বুকুত আঘাত কৰি বিলাপ কৰাটো হৈছে নাৰীসকলৰ অন্যতম এটা বৈশিষ্ট্য, সেয়ে তেওঁ এইটোক সিহঁতৰ শাস্তি হিচাপে নিৰ্ধাৰণ কৰিছে, যিসকলে মুছলিমৰ সন্মান বিনষ্ট কৰি গীবত কৰে তথা তেওঁৰ প্ৰতি অপবাদ দিয়ে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুটা পুৰুষৰ বৈশিষ্ট্য নহয়। বৰং এই দুটা হৈছে নাৰীসকলৰ একেবাৰে নিম্নশ্ৰেণীৰ বৈশিষ্ট্য।
গায়েবৰ প্ৰতি, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যি অৱগত কৰিছে, সেই সকলোবোৰৰ প্ৰতি ঈমান পোষণ কৰা ওৱাজিব।
ছুনান আবি দাঊদ (7/ 240) (4878/ 1).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 27).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1042).
كنوز رياض الصالحين.
لمجموعة من الباحثين (18/ 180).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«لمَّا عُرجَ بي مَرَرْتُ بقَومٍ لهُم أظْفَارٌ من نُحَاسٍ، يَخْمشُون وجُوهَهُمْ وصُدُورَهُمْ، فقلتُ: مَنْ هؤلاء يا جبريلُ؟ قَالَ: هؤلاء الذين يأكُلُونَ لُحُومَ النَّاسِ، ويَقَعُونَ في أعْرَاضِهِمْ!».
- مجموعة زاد الحديث(3)1«لما عُرِجَ بي مَرَرْتُ بقَوْمٍ لهم أظفارٌ من نُحَاسٍ يخمِشُون وُجُوهَهُم وَصُدُورَهُم، فقلتُ: من هَؤُلاءِ يا جِبْريلُ؟ قال: هؤلاء الذين يأكُلون لحُومَ الناسِ، ويَقَعُون في أَعْراضِهِم»