তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।" (অৰ্থঃ হে আল্লাহ! আমি তোমাৰ ওচৰত এই বতাহৰ কল্যাণ কামনা কৰোঁ, লগতে সেই কল্যাণ কামনা কৰোঁ যিটো ইয়াৰ ভিতৰত আছে, আৰু যিটো কল্যাণৰ নিৰ্দেশ ইয়াক দিয়া হৈছে। আনহাতে এই বতাহৰ অনিষ্টৰ পৰা আমি তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু সেই অনিষ্টৰ পৰাও তোমাৰ আশ্ৰয় বিচাৰোঁ যিটো ইয়াৰ মাজত আছে, লগতে যিটো অনিষ্টৰ নিৰ্দেশ ইয়াক দিয়া হৈছে।)
«لاَ تَسُبُّوا الرِّيحَ، فَإِذَا رَأَيْتُمْ مَا تَكْرَهُونَ فَقُولُوا: اللَّهُمَّ إِنَّا نَسْأَلُكَ مِنْ خَيْرِ هَذِهِ الرِّيحِ وَخَيْرِ مَا فِيهَا وَخَيْرِ مَا أُمِرَتْ بِهِ، وَنَعُوذُ بِكَ مِنْ شَرِّ هَذِهِ الرِّيحِ وَشَرِّ مَا فِيهَا وَشَرِّ مَا أُمِرَتْ بِهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বতাহক গালি দিবলৈ অথবা অভিসম্পাত কৰিবলৈ নিষেধ কৰিছে। কাৰণ বতাহ তাৰ সৃষ্টিকৰ্তাৰ নিৰ্দেশতহে প্ৰবাহিত হয়। বতাহৰ জৰিয়তে ৰহমত আৰু শাস্তি আদি প্ৰবাহিত হৈ আহে। গতিকে বতাহক গালি দিয়া মানে বতাহৰ সৃষ্টিকৰ্তাক গালি দিয়া বুজায় আৰু তেওঁৰ সিদ্ধান্তৰ প্ৰতি অসন্তুষ্ট হোৱা বুজায়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিবলৈ উপদেশ দিছে যে, ইয়াৰ সৃষ্টিকৰ্তাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰা, তথা ইয়াৰ মাজত থকা কল্যাণ প্ৰাৰ্থনা কৰা, লগতে ইয়াক যিটো উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে তাৰ কল্যাণ কামনা কৰা, যেনে- বৰষুণ তথা মেঘমালাৰ স্থানান্তৰ আদিৰ বাবে। ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা, আৰু ইয়াৰ মাজত থকা অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। লগতে ইয়াক যিটো অনিষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে, যেনে- খেতি-পথাৰ বিনষ্ট কৰিবলৈ, গছ-গছনি আৰু জীৱ-জন্তু ধ্বংস কৰিবলৈ আৰু ঘৰ-দুৱাৰ ধ্বংস কৰিবলৈ- সেই অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। এইদৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আল্লাহৰ ইবাদত বাস্তৱায়ন কৰা হয়।
বতাহক গালি পাৰিবলৈ নিষেধ কৰা হৈছে, কিয়নো এইটো হৈছে এনেকুৱা এটা সৃষ্টি যিটোক পৰিচালিত কৰা হয়। গতিকে ইয়াক গালি পাৰা মানে ইয়াৰ সৃষ্টিকৰ্তা আৰু পৰিচালনাকাৰীক গালি পাৰা বুজায়। লগতে এনেকুৱা আচৰণে ব্যক্তিৰ আক্বীদায়ে তাওহীদত ত্ৰুটি আছে বুলি প্ৰমাণ কৰে।
সকলো প্ৰকাৰ সৃষ্টিৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে আৰু তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰিব লাগে।
বতাহক কেতিয়াবা কল্যাণৰ নিৰ্দেশ প্ৰদান কৰি প্ৰেৰণ কৰা হয় আকৌ কেতিয়াবা অনিষ্ট কৰাৰ নিৰ্দেশ দি প্ৰেৰণ কৰা হয়।
ইবনে বাঝ ৰাহিমাহুল্লাহে কৈছেঃ সামগ্ৰিকভাৱে বতাহক গালি দিয়াটো হৈছে এটা গুনাহৰ কাম। কিয়নো এইটো হৈছে এনেকুৱা এটা মখলুক যিটোক পৰিচালিত কৰা হয় তথা কল্যাণ আৰু ধ্বংসৰ নিৰ্দেশ দি প্ৰেৰণ কৰা হয়। গতিকে ইয়াক গালি পাৰা উচিত নহয়। সেয়ে এইদৰে ক'ব নালাগে যে, এই বতাহৰ প্ৰতি আল্লাহৰ অভিসম্পাত হওক, অথবা এই বতাহ ধ্বংস হওক, কি বতাহ বলিছে ইয়াত কোনো কল্যাণ নাই, অথবা যিকোনো ধৰণৰ অপকথা কোৱা উচিত নহয়। বৰং মুমিন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া নিৰ্দেশনা অনুযায়ী আমল কৰা উচিত।
বতাহক গালি শপনি পাৰা হাৰাম, ইয়াক কেন্দ্ৰ কৰি শীত, গৰম, ধূলি-বালি আদিকো গালি পাৰা হাৰাম, কাৰণ আল্লাহৰ এই সৃষ্টিবোৰো তেওঁৰ নিৰ্দেশতেই পৰিচালিত হয়।
ছুনান তিৰমিজী (4/ 103) (2252).
অধিক (6)
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص426).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص382).
القول المفيد على كتاب التوحيد.
لابن عثيمين (2/ 379).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- التوحيد في ضوء عقيدة الإمام الشافعي رحمه الله ونصوصه ومروياته"لا تسبوا الريح، فإذا رأيتم ما تكرهون فقولوا: اللهم إنا نسألك من خير هذه الريح وخير ما فيها، وخير ما أمرت به، ونعوذ بك من شر هذه الريح، وشر ما فيها، وشر ما أمرت به".([201])
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 8«لاَ تَسبُّوا الرِّيحَ، فَإذَا رَأَيْتُمْ مَا تكْرَهُونَ فَقُولُوا: اللهم إنَّا نَسْألُكَ مِنْ خَيْرِ هذِهِ الرِّيحِ وَخَيْرِ مَا فِيهَا وَخَيْرِ مَا أُمِرَتْ بِهِ، وَنَعُوذُ بِكَ مِن شَرِّ هذِهِ الرِّيحِ وَشَرِّ مَا فِيهَا وَشَرِّ مَا أُمِ