Skip to content

তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই চাকতি ব্যৱহাৰ কৰি হাতত যি কষ্ট পাইছিল সেই সম্পৰ্কীয় এটা অভিযোগ লৈ তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁ সংবাদ পাইছিল যে, তেখেতৰ ওচৰলৈ কিছুমান দাস আহিছে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। তেতিয়া তেওঁ বিষয়টো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাই গ'ল। যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বিষয়টো জনালে। আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই কথা শুনি তেখেত আমাৰ ঘৰলৈ আহিল, সেই সময়ত আমি বিছনাত শুবলৈ গৈছিলোঁ। তেখেতক দেখি আমি উঠিবলৈ ধৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "নিজৰ নিজৰ ঠাইতে থাকা।" ইয়াৰ পিছত তেখেত আহি মোৰ আৰু ফাতিমাৰ মাজত বহিলে। আনকি মই তেখেতৰ দুয়ো ভৰিৰ শীতলতা মোৰ পেটত অনুভৱ কৰিছিলোঁ। তেখেতে ক'লেঃ "তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।"

أَنَّ فَاطِمَةَ رَضيَ اللهُ عنْها أَتَتِ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ تَشْكُو إِلَيْهِ مَا تَلْقَى فِي يَدِهَا مِنَ الرَّحَى، وَبَلَغَهَا أَنَّهُ جَاءَهُ رَقِيقٌ، فَلَمْ تُصَادِفْهُ، فَذَكَرَتْ ذَلِكَ لِعَائِشَةَ، فَلَمَّا جَاءَ أَخْبَرَتْهُ عَائِشَةُ، قَالَ: فَجَاءَنَا وَقَدْ أَخَذْنَا مَضَاجِعَنَا، فَذَهَبْنَا نَقُومُ، فَقَالَ: «عَلَى مَكَانِكُمَا» فَجَاءَ فَقَعَدَ بَيْنِي وَبَيْنَهَا، حَتَّى وَجَدْتُ بَرْدَ قَدَمَيْهِ عَلَى بَطْنِي، فَقَالَ: «أَلاَ أَدُلُّكُمَا عَلَى خَيْرٍ مِمَّا سَأَلْتُمَا؟ إِذَا أَخَذْتُمَا مَضَاجِعَكُمَا -أَوْ أَوَيْتُمَا إِلَى فِرَاشِكُمَا- فَسَبِّحَا ثَلاَثًا وَثَلاَثِينَ، وَاحْمَدَا ثَلاَثًا وَثَلاَثِينَ، وَكَبِّرَا أَرْبَعًا وَثَلاَثِينَ، فَهُوَ خَيْرٌ لَكُمَا مِنْ خَادِمٍ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীয়াৰী ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ ওচৰলৈ অভিযোগ কৰিবলৈ আহিল যে, চাকতি ঘূৰাই ঘূৰাই তেওঁৰ হাতৰ অৱস্থা বেয়া হৈছে। যিহেতু তেখেতৰ ওচৰলৈ কিছুমান দাস অনা হৈছে, গতিকে সিহঁতৰ মাজৰ পৰা এজন দাস যেন সেৱক হিচাপে তেওঁক প্ৰদান কৰা হয়, যাতে সি ঘৰৰ কামবোৰ কৰি দিয়ে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পাই তেওঁকে কথাখিনি জনাই থৈ গ'ল। যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ঘৰলৈ আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক জনালে যে, ফাতিমা আহিছিল এজন সেৱক বিচাৰি। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা আৰু আলীৰ ঘৰলৈ গ'ল, গৈ দেখিলে তেওঁলোক বিছনাত গৈছে শুবলৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোক দুজনৰ মাজত বহিলে, আনকি তেখেতৰ ভৰি আলী ৰাদ্বিয়াল্লাহু আনহুৰ পেট স্পৰ্শ কৰিছিল আৰু তেওঁ তেখেতৰ দুয়ো ভৰিৰ শীতলতা তেওঁৰ পেটত অনুভৱ কৰিছিল। ইয়াৰ পিছত তেখেতে ক'লেঃ শুনা! তোমালোকে মোৰ ওচৰত বিচৰা সেৱক প্ৰদানতকৈ মই তোমালোকক উত্তম এটা বস্তুৰ সংবাদ নিদিমনে? তেওঁলোক উভয়ে ক'লে হয়, নিশ্চয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ৰাতিত যেতিয়া তোমালোকে শুবলৈ যাবা, তেতিয়া তোমালোকে ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিবা। আৰু আলহাম্দুলিল্লাহ ৩৩ বাৰ পাঠ কৰিবা। এই জিকৰটো হৈছে তোমালোকে বিচৰা সেৱকতকৈও উত্তম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই বৰকতময় জিকৰটোক নিয়মিত আমলত পৰিণত কৰা মুস্তাহাব। আলী ৰাদ্বিয়াল্লাহু আনহু সম্পৰ্কে বৰ্ণিত আছে যে, তেওঁ উপদেশটো পোৱাৰ পিছৰ পৰা কেতিয়াও এইটো পৰিত্যাগ কৰা নাছিল। আনকি চিফ্ফিনৰ যুদ্ধৰ ৰাতিও এইটো পাঠ কৰিছিল।

এই জিকৰটো ৰাতি টোপনি যোৱাৰ সময়ত পঢ়িব লাগে। মুছলিমৰ বৰ্ণনাত মুআজে শ্বুবাৰ পৰা বৰ্ণনা কৰিছে যে, "তোমালোকে যেতিয়া ৰাতি শুবলৈ বিছনাত যাবা।"

যদি কোনোবাই ৰাতিৰ প্ৰথমাংশত এই জিকৰটো পঢ়িবলৈ পাহৰি যায় আৰু ৰাতিৰ শেষাংশত যদি মনত পৰে, তেতিয়া পঢ়িলেও কোনো অসুবিধা নাই। কাৰণ হাদীছটোৰ বৰ্ণনাকাৰী আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, তেওঁ চিফফিনৰ যুদ্ধৰ ৰাতি এই জিকৰটো পঢ়িবলৈ পাহৰিছিল, কিন্তু ফজৰৰ আগত মনত পৰাত তেওঁ সেই সময়ত পঢ়ি লৈছিল।

মাহলাবে কৈছেঃ মানুহে নিজৰ পৰিয়ালকো সেইদৰেই দুনিয়াৰ ওপৰত আখিৰাতক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰা উচিত, যিদৰে তেওঁ নিজে অগ্ৰাধিকাৰ দিয়ে। যদি সিহঁত এইটো কৰিবলৈ সক্ষম হয়।

ইবনু হাজাৰ আছক্বালানী ৰাহিমাহুল্লাহে কৈছেঃ যিয়ে এনেকুৱা বিষয়ত নিয়মিত আমল কৰে, তেওঁ কেতিয়াও কৰ্মৰ আধিক্যৰ ফলত অশান্তি নাপায় আৰু ভাগৰিও নপৰে, যদিও তেওঁক ক্লান্তই স্পৰ্শ কৰে।

আঈনী ৰাহিমাহুল্লাহে কৈছেঃ এটা অৰ্থই এই নিৰ্দেশনাৰ সম্পৰ্ক আখিৰাতৰ সৈতে থকা বুজায়, অথচ খাদিম বা সেৱক হৈছে পৃথিৱীৰ সৈতে সম্পৰ্কীয়। এই দুটাৰ তুলনাত আখিৰাত হৈছে সৰ্বোত্তম তথা চিৰস্থায়ী। আন এটা অৰ্থৰ সম্পৰ্ক তেওঁ কৰা আবেদনৰ সৈতে থকা বুজায় যে, যদি তেওঁ এই আজকাৰটোৰ ওপৰত আমল কৰে তেন্তে তেওঁ সেৱক ৰখাতকৈও বেছি শক্তি অৰ্জন কৰিব।

সম্পাদক

ছহীহ বুখাৰী (7/ 65) (5361).

ছহীহ মুছলিম (4/ 2091) (2727).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 531).

شرح رياض الصالحين.

لابن عثيمين (5/ 555).

شرح صحيح البخاري.

لابن بطال (5/ 270).

كنوز رياض الصالحين.

لمجموعة من الباحثين.

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 998).