নিশ্চয় মই এই পতাকা সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰে, মহান আল্লাহে তাৰ হাতেৰেই বিজয় প্ৰদান কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খয়বৰৰ দিনা কৈছেঃ
"নিশ্চয় মই এই পতাকা সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰে, মহান আল্লাহে তাৰ হাতেৰেই বিজয় প্ৰদান কৰিব।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই সেই এটা দিনৰ বাহিৰে কেতিয়াও শাসনৰ আশা কৰা নাছিলোঁ। এই দায়িত্ব মোক অৰ্পণ কৰা হ'ব বুলি আশাৰে মই মোৰ ডিঙি ওপৰৰ ফালে দাঙি ৰাখিছিলোঁ, যাতে মোক ইয়াৰ বাবে আহ্বান কৰা হয়। কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আলী বিন আবু তালিবক মাতিলে, আৰু সেই পতাকা তেওঁক অৰ্পণ কৰিলে আৰু ক'লেঃ "আগুৱাই যোৱা, পিছফালে ঘূৰি নাচাবা, যেতিয়ালৈকে আল্লাহে তোমাক বিজয় দান নকৰে।" তেওঁ কৈছেঃ আলী কিছু দূৰ যোৱাৰ পিছত, থিয় হ'ল, কিন্তু পিছফালে ঘূৰি চোৱা নাছিল, আৰু চিঞৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কিহৰ ভিত্তিত মই মানুহৰ সৈতে যুদ্ধ কৰিম? তেখেতে ক'লেঃ "তুমি সিহঁতৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য নিদিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল। যদি সিহঁতে এই সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ তেজ, ধন-সম্পদ আদি তোমাৰ পৰা সুৰক্ষিত হৈ পৰিব। কেৱল দণ্ডবিধিৰ বাহিৰে, আৰু ইয়াৰ হিচাপ-নিকাচ হ'ব আল্লাহৰ ওচৰত।"
«لَأُعْطِيَنَّ هَذِهِ الرَّايَةَ رَجُلًا يُحِبُّ اللهَ وَرَسُولَهُ، يَفْتَحُ اللهُ عَلَى يَدَيْهِ» قَالَ عُمَرُ بْنُ الْخَطَّابِ: مَا أَحْبَبْتُ الْإِمَارَةَ إِلَّا يَوْمَئِذٍ، قَالَ فَتَسَاوَرْتُ لَهَا رَجَاءَ أَنْ أُدْعَى لَهَا، قَالَ فَدَعَا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلِيَّ بْنَ أَبِي طَالِبٍ، فَأَعْطَاهُ إِيَّاهَا، وَقَالَ: «امْشِ، وَلَا تَلْتَفِتْ، حَتَّى يَفْتَحَ اللهُ عَلَيْكَ» قَالَ فَسَارَ عَلِيٌّ شَيْئًا ثُمَّ وَقَفَ وَلَمْ يَلْتَفِتْ، فَصَرَخَ: يَا رَسُولَ اللهِ، عَلَى مَاذَا أُقَاتِلُ النَّاسَ؟ قَالَ: «قَاتِلْهُمْ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ، فَإِذَا فَعَلُوا ذَلِكَ فَقَدْ مَنَعُوا مِنْكَ دِمَاءَهُمْ وَأَمْوَالَهُمْ، إِلَّا بِحَقِّهَا وَحِسَابُهُمْ عَلَى اللهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুসংবাদ দি কৈছিল যে, অহাকালি খয়বৰৰ ইয়াহুদীসকলৰ ওপৰত মুছলিমসকলে বিজয় লাভ কৰিব, আৰু এইটো বাস্তৱায়ন হ'ব এনেকুৱা এজন ব্যক্তিৰ দ্বাৰা যাৰ হাতত তেখেতে যুদ্ধৰ পতাকা প্ৰদান কৰিব। যিটো পতাকা সেনাবাহিনীয়ে প্ৰতীক হিচাপে লয়। সেই ব্যক্তিজনৰ বৈশিষ্ট্য হৈছে এই যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে উল্লেখ কৰিছে যে, শাসনৰ দায়িত্বভাৰৰ প্ৰতি তেওঁৰ কোনো মোহ নাছিল। কিন্তু সেই দিনটোত তেওঁ এই আশাৰে সেই দায়িত্বটো কামনা কৰিছিল, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সেই ব্যক্তিজনক ভাল পায়। সেয়ে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মূৰ দাঙি ৰাখিছিল, যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজৰ পৰা তেওঁক দেখি মাতি নিয়ে। তেওঁ এইটো কৰিছিল সেই পতাকাটো পোৱাৰ আশাৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী বিন আবু তালিবক মাতি সেই পতাকাটো প্ৰদান কৰিছিল। লগতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন সেনাবাহিনী লৈ আগুৱাই যায়, আৰু শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ সময়ত কোনো পদ্ধেই যেন বিশ্ৰাম, বিৰতি অথবা যুদ্ধবিৰতিৰ অজুহাতেৰে পিছুৱাই নাহে, যেতিয়ালৈকে আল্লাহে তেওঁৰ সহায় সহযোগৰ দ্বাৰা এই দুৰ্গবোৰৰ ওপৰত বিজয় প্ৰদান নকৰিব। নিৰ্দেশ পাই আলী ৰাদ্বিয়াল্লাহু আনহু ৰাওনা হ'ল, কিছু দূৰ গৈ তেওঁ থিয় দিলে, কিন্তু পিছফালে ঘূৰি চোৱা নাছিল। যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশৰ অমান্য নহয়। ইয়াৰ পিছত তেওঁ চিঞৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কিহৰ ভিত্তিত মই সিহঁতৰ সৈতে যুদ্ধ কৰিম? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সিহঁতৰ সৈতে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। যদি সিহঁতে এইটো স্বীকাৰ কৰে আৰু ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতৰ তেজ আৰু ধন-সম্পদ তোমাৰ পৰা সুৰক্ষিত হৈ পৰিব, আৰু তোমাৰ বাবে হাৰাম হৈ পৰিব। কিন্তু দণ্ডবিধিৰ বাহিৰে, যেনে- কোনো এনেকুৱা অপৰাধ কৰিলে যিটোৰ বাবে ইছলামী নিয়মানুযায়ী মৃত্যুদণ্ড অনিবাৰ্য্য হৈ পৰে, আৰু সিহঁতৰ হিচাপ-নিকাচ হ'ব আল্লাহৰ ওচৰত।
চাহাবাসকলে শাসন দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ অপছন্দ কৰিছিল, কাৰণ এইটো হৈছে গধুৰ দায়িত্ব।
নিশ্চিত কল্যাণকৰ কামৰ প্ৰতি আশা পোষণ কৰা আৰু সেইটো পাবলৈ চেষ্টা কৰা বৈধ।
ৰাষ্ট্ৰপ্ৰধানে মুখ্য সেনাপতিক দিয়া দিশ-নিৰ্দেশনা যে, যুদ্ধক্ষেত্ৰত কিদৰে আচৰণ কৰিব লাগিব।
চাহাবাসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপদেশৰ প্ৰতি অত্যন্ত গুৰুত্ব প্ৰদান কৰিছিল আৰু লগে লগে সেইটোক বাস্তৱায়ন কৰাৰ চেষ্টা কৰিছিল।
যদি কোনো এটা কাম কৰিবলৈ দিয়া হয় আৰু সেইটো কেনেকৈ বাস্তৱায়ন কৰিব লাগিব এইটো বুজি পোৱাত যদি কোনো অসুবিধা থাকে তেন্তে সেইটো সুধি লোৱা উচিত।
এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰমাণ যে, তেখেতে যুদ্ধৰ আগতে সংবাদ দিছিল যে ইয়াহুদীসকলৰ বিৰুদ্ধে জয়যুক্ত হ'ব। তেখেতে খয়বৰৰ বিজয় সম্পৰ্কে যিদৰে সংবাদ দিছিল সেইদৰেই সংঘটিত হৈছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশ পালনৰ প্ৰতি দ্ৰুত গতিৰে অগ্ৰসৰ হ'বলৈ উৎসাহিত কৰা হৈছে।
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণৰ ঘোষণা দিয়াৰ পিছত তাক হত্যা কৰা বৈধ নহয়। কিন্তু তাৰ দ্বাৰা যদি এনেকুৱা কোনো অপৰাধ সংঘটিত হয়, যিটোৰ বাবে মৃত্যুদণ্ড অনিবাৰ্য্য তেন্তে সেইটো সুকীয়া বিষয়।
মানুহৰ প্ৰকাশ্য বিষয়াদিৰ ওপৰতহে ইছলামিক বিধি-বিধান প্ৰযোজ্য হয়, আনহাতে আভ্যন্তৰীণ বিষয়ৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।
জিহাদৰ অন্যতম এটা মহান উদ্দেশ্য হৈছে, যাতে মানুহে দলে দলে ইছলামত প্ৰৱেশ কৰে।
ছহীহ মুছলিম (4/ 1871) (2405).
অধিক (6)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 127).
شرح رياض الصالحين.
لابن عثيمين (2/ 45).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 174).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- حراسة التوحيدإقامة البراهين على حكم من استغاث بغير الله«حَتَّى يَشْهَدُوا أَن لَا إِلهَ إِلَّا اللهُ»
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «لأُعْطِيَنَّ هذِهِ الرَّايَةَ رَجُلاً يُحِبُّ الله وَرَسُولَه، يَفْتَح اللهُ عَلَىٰ يَدَيْهِ».
- عقيدة التوحيد(أمرت أن أقاتل الناس؛ حتى يشهدوا أن لا إله إلا الله وأن محمدًا رسول الله)