এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
أَنَّ رَجُلًا سَأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنِ السَّاعَةِ، فَقَالَ: مَتَى السَّاعَةُ؟ قَالَ: «وَمَاذَا أَعْدَدْتَ لَهَا». قَالَ: لاَ شَيْءَ، إِلَّا أَنِّي أُحِبُّ اللَّهَ وَرَسُولَهُ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «أَنْتَ مَعَ مَنْ أَحْبَبْتَ». قَالَ أَنَسٌ: فَمَا فَرِحْنَا بِشَيْءٍ، فَرِحْنَا بِقَوْلِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَنْتَ مَعَ مَنْ أَحْبَبْتَ» قَالَ أَنَسٌ: فَأَنَا أُحِبُّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَأَبَا بَكْرٍ، وَعُمَرَ، وَأَرْجُو أَنْ أَكُونَ مَعَهُمْ بِحُبِّي إِيَّاهُمْ، وَإِنْ لَمْ أَعْمَلْ بِمِثْلِ أَعْمَالِهِمْ.
মৰুভূমিত বসবাস কৰা এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, কিয়ামত কেতিয়া সংঘটিত হ'ব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি ইয়াৰ বাবে কি কি নেক আমল কৰিছা? প্ৰশ্নকৰ্তাই উত্তৰত ক'লেঃ মই ইয়াৰ বাবে কোনো ডাঙৰ আমল কৰা নাই, কিন্তু এইটো নিশ্চিত যে, মই আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত মুহাব্বত কৰোঁ। ব্যক্তিজনে ইয়াৰ বাহিৰে বেলেগ কোনো আন্তৰিক, শাৰীৰিক বা আৰ্থিক ইবাদত সম্পৰ্কে একো উল্লেখ কৰা নাই। কাৰণ এই সকলোবোৰ হৈছে মুহাব্বতৰ শাখা-প্ৰশাখা। কিয়নো প্ৰকৃত মুহাব্বতে ব্যক্তিক নেক আমল কৰিবলৈ উৎসাহিত কৰে তথা প্ৰেৰণা দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ নিশ্চিতভাৱে তুমি জান্নাতত তেওঁৰেই সংগ লাভ কৰিবা, যাক তুমি ভালপোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই সুসংবাদ শুনি চাহাবাসকলে অত্যন্ত আনন্দিত হ'ল। হাদীছটোৰ শেষত বৰ্ণনাকাৰী আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ময়ো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভালপাওঁ, লগতে আবু বকৰ আৰু ওমৰকো ভাল পাওঁ। সেয়ে আশা কৰোঁ, তেওঁলোকৰ সংগী হোৱাৰ সৌভাগ্য লাভ কৰিম। যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
প্ৰশ্নকৰ্তাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হিকমত। কাৰণ তেওঁ প্ৰশ্নকৰ্তাক সেই পথ দেখুৱাইছে যিটো তাৰ বাবে গুৰুত্বপূৰ্ণ তথা মুক্তিৰ পথ। সেয়া হৈছেঃ আখিৰাতত উপকৃত হ'বলৈ নেক আমলৰ দ্বাৰা প্ৰস্তুতি লোৱা।
মহান আল্লাহে কিয়ামত সম্পৰ্কীয় জ্ঞান বান্দাৰ পৰা উহ্য ৰাখিছে, যাতে বান্দাই আল্লাহৰ সাক্ষাতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে।
আল্লাহ আৰু তেওঁৰ ৰাছুল, লগতে মুমিনসকলৰ মাজৰ পূণ্যৱান লোকসকলক মুহাব্বত কৰাৰ ফজিলত। এইদৰে মুশ্বৰিকসকলৰ মুহাব্বতৰ পৰা সতৰ্ক কৰা হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীঃ তুমি তেওঁৰেই সংগ লাভ কৰিবা, যাক তুমি ভালপোৱা। ইয়াৰ অৰ্থ এইটো নহয় যে, তুমি তেওঁৰ সমমৰ্যাদা লাভ কৰিবা বা সেই শ্ৰেণীত অন্তৰ্ভুক্ত হ'বা। বৰং ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে, তুমিও জান্নাতত প্ৰৱেশ কৰিবা আৰু ইজনে সিজনক লগ কৰাৰ সুযোগ লাভ কৰিবা, যদিও বাসস্থান দূৰত হয়।
এই হাদীছটোৰ দ্বাৰা মুছলিমসকলক উৎকৃষ্ট তথা উপকাৰী বিষয়ত ব্যস্ত থকাৰ প্ৰতি উৎসাহিত কৰা হৈছে। লগতে এনেকুৱা বিষয়ত প্ৰশ্ন ত্যাগ কৰাৰ নিৰ্দেশনা দিয়া হৈছে যিটো অলাগতিয়াল।
ছহীহ বুখাৰী (5/ 12) (3688).
ছহীহ মুছলিম (4/ 2032) (2639).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 435).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 177).
المعجم الأوسط.
للطبراني (1/ 131).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 342).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحعن أنس رضي الله عنه أن رجلا سأل النبي صلى الله عليه وسلم عن الساعة، فقال: متى الساعة؟ قال: “وماذا أعددت لها”. قال: لا شيء، إلا أني أحب الله ورسوله صلى الله عليه وسلم، فقال: “أنت مع من أحببت”.
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحقال أنس: “فأنا أحب النبي صلى الله عليه وسلم وأبا بكر وعمر وأرجو أن أكون معهم بحبي إياهم، وإن لم أعمل بمثل أعمالهم”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«أَنْتَ مَعَ مَنْ أَحْبَبْتَ».
- مجموعة زاد الحديث (1)الحديث 1عَنْ أَنَسٍ رضي الله عنه، أَنَّ رَجُلًا سَأَلَ النَّبِيَّ صلى الله عليه وسلم عَنِ السَّاعَةِ، فَقَالَ: مَتَى السَّاعَةُ؟ قَالَ: «وَمَاذَا أَعْدَدْتَ لَهَا». قَالَ: لاَ شَيْءَ، إِلَّا أَنِّي أُحِبُّ الله وَرَسُولَهُ صلى الله عليه وسلم، فَقَا
- مجموعة زاد الحديث (1)الحديث 1«أَنتَ مَعَ مَنْ أَحْبَبْتَ»