Skip to content

কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"

«إِذَا جَمَعَ اللهُ الْأَوَّلِينَ وَالْآخِرِينَ يَوْمَ الْقِيَامَةِ يُرْفَعُ لِكُلِّ غَادِرٍ لِوَاءٌ، فَقِيلَ: هَذِهِ غَدْرَةُ فُلَانِ بْنِ فُلَانٍ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিয়ামতৰ দিনা যেতিয়া পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোককে হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিব, তেতিয়া প্ৰতিজন বিশ্বাসঘাতক তথা প্ৰতাৰকৰ বাবে একোটাকৈ পতাকা উত্তোলন কৰা হ'ব, সেই প্ৰতাৰণা আল্লাহৰ সৈতে হওক বা মানুহৰ সৈতে। যাতে সকলোৱে গম পায় যে, ই খিয়ানত কৰিছে তথা বিশ্বাসঘাতকতা কৰিছে। লগতে সেইদিনা ঘোষকে ঘোষণা কৰিব যে, এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ বিশ্বাসঘাতকতাৰ প্ৰতীক। যাতে হাশ্বৰৰ ময়দানত উপস্থিত থকা সকলোৰে সন্মুখত তাৰ এই কুকৰ্ম উন্মোচিত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বিশ্বাসঘাতকতা তথা প্ৰতাৰণা কৰা হাৰাম আৰু এইটো হৈছে কাবীৰাহ গুনাহ। কাৰণ এই ক্ষেত্ৰত কঠিন সতৰ্কবাণী দিয়া হৈছে।

প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ অন্তৰ্ভুক্ত, যিটো ক্ষেত্ৰত সকীয়নি দিয়া হৈছে। এতেকে তেজ, মান-সন্মান, গোপনীয়তা আৰু ধন-সম্পদৰ ক্ষেত্ৰত যদি আপুনি খিয়ানত তথা বিশ্বাসঘাতকতা কৰে, তেন্তে আপুনি তাৰ সৈতে প্ৰতাৰণা কৰিলে, আৰু আপুনি আমানতৰ যোগ্য নহয়।

কুৰতুবীয়ে কৈছেঃ পতাকা উত্তোলনৰ এই বিষয়টো আৰবীয়ানসকলৰ ব্যৱহাৰ অনুসৰি কোৱা হৈছে। কিয়নো সিহঁতে বিশ্বস্ত লোকৰ প্ৰতীক হিচাপে বগা পতাকা উত্তোলন কৰিছিল, আৰু প্ৰতাৰকৰ প্ৰতীক হিচাপে ক'লা পতাকা উত্তোলন কৰিছিল, প্ৰতাৰকৰ প্ৰতাৰণাক নিন্দা কৰিবলৈ। হাদীছটোৰ অৰ্থও এই যে, কিয়ামতৰ দিনা প্ৰতাৰকৰ বাবে এনেকুৱাই কৰা হ'ব। যাতে সকলোৱে তাৰ এই কুকৰ্ম সম্পৰ্কে অৱগত হয় আৰু হাশ্বৰৰ ময়দানত উপস্থিত থকা লোকসকলে তাক নিন্দা কৰে।

ইবনে হাজাৰে কৈছেঃ ইয়াত এই কথা প্ৰমাণিত হয় যে, কিয়ামতৰ দিনা মানুহক সিহঁতৰ পিতৃৰ নামৰ সৈতে আহ্বান কৰা হ'ব। যেনে- হাদীছটোত তেখেতে কৈছেঃ "هذه غدرة فلان ابن فلان" এইজন হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।

সম্পাদক
অধিক (5)

ছহীহ বুখাৰী (4/ 104) (3188) صحيح مسلم (3/ 1359) (1735).

تيسير العلام شرح عمدة الأحكام.

للبسام (ص745).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (2/ 188).