যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।
জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"
«مَنْ يُحْرَمِ الرِّفْقَ يُحْرَمِ الْخَيْرَ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হৈছে, সি দ্বীন আৰু দুনিয়াৰ বিষয়বোৰত সফল হ'ব নোৱাৰে, নিজৰ ক্ষেত্ৰতে হওক বা আনৰ ক্ষেত্ৰত, কাৰণ তাক সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত কৰা হৈছে।
হাদীছটোত নম্ৰতাৰ ফজিলত আৰু নম্ৰতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু নিষ্ঠুৰতাক ভৰ্ৎসনা কৰা হৈছে।
নম্ৰতাই ইহকাল আৰু পৰকালত কল্যাণৰ যোগান ধৰে আৰু উভয় জগতৰ বিষয়বোৰক প্ৰশস্ত কৰি দিয়ে। আনহাতে নিষ্ঠুৰতা হৈছে ইয়াৰ বিপৰীত।
উত্তম চৰিত্ৰ আৰু শান্ত সৃষ্ট স্বভাৱৰ পৰা নম্ৰতা প্ৰকাশ পায়। আনহাতে ক্ৰোধ আৰু কঠোৰ স্বভাৱৰ পৰা নিষ্ঠুৰতাৰ জন্ম হয়। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নম্ৰতা আৰু শান্ত আচৰণৰ প্ৰশংসা কৰিছে।
ছুফিয়ান ছাওৰী ৰাহিমাহুল্লাহে তেওঁৰ সংগীসকলক কৈছিলঃ তোমালোকে জানানে নম্ৰতা কাক কয়? নম্ৰতা হৈছে যি ঠাইত যিটোৰ দৰকাৰ সেই ঠাইত সেইটো কৰা। যেনে- কঠিনতা অৱলম্বনৰ ঠাইত কঠিনতা, কোমলতা অৱলম্বনৰ ঠাইত কোমলতা অৱলম্বন কৰা, তৰোৱালৰ ঠাইত তৰোৱাল আৰু চাবুকৰ ঠাইত চাবুক ব্যৱহাৰ কৰা।
ছহীহ মুছলিম (4/ 2003) (2592).
অধিক (12)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 532).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص416).
شرح رياض الصالحين.
لابن عثيمين (3/ 592).
كنوز رياض الصالحين.
لمجموعة من الباحثين (9/ 152).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 687).
فيض القدير شرح الجامع الصغير.
للمناوي (6/ 241).