Skip to content

এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।"

«نِعْمَتَانِ مَغْبُونٌ فِيهِمَا كَثِيرٌ مِنَ النَّاسِ: الصِّحَّةُ وَالفَرَاغُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত দুটা নিয়ামত সম্পৰ্কে সংবাদ দিছে যে, এই দুটা নিয়ামতৰ ক্ষেত্ৰত বেছি ভাগ লোকেই ক্ষতিগ্ৰস্তৰ মাজত থাকে, কাৰণ সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ নকৰে। যদি মানুহে সুস্থতা আৰু অৱসৰ সময় লাভ কৰে আৰু এই দুটা নিয়ামতক যদি সি আল্লাহৰ আনুগত্যমূলক কামত ব্যৱহাৰ নকৰে তেন্তে সি ক্ষতিগ্ৰস্ত হয়। এইটোৱে হৈছে অধিকাংশ লোকৰ অৱস্থা। আনহাতে যিয়ে এই দুটা নিয়ামত পাই ইয়াৰ সদ্ব্যৱহাৰ কৰে তথা ইবাদতত ব্যয় কৰে তেন্তে তেওঁ লাভৱান হয়। কিয়নো পৃথিৱী হৈছে আখিৰাতৰ খেতি। ইয়াত কৰা ব্যৱসায়ৰ ফলাফল আখিৰাত দেখিবলৈ পোৱা যাব। জানি থোৱা উচিত যে, অৱসৰ সময়ৰ পিছত আহে ব্যস্ততা আৰু সুস্থতাৰ পিছত আহে বেমাৰ-আজাৰ। আনহাতে যদি বৃদ্ধাৱস্থাই আহি যায়, তেন্তে (ধ্বংসৰ বাবে) এইটোৱে যথেষ্ট।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চৰীয়তৰ অনুগামী লোকক ব্যৱসায়ীৰ সৈতে তুলনা কৰা হৈছে। এইদৰে সুস্থতা আৰু অৱসৰ সময়ক তুলনা কৰা হৈছে মূলধনৰ সৈতে। এতেকে যিয়ে নিজৰ মূলধনক উত্তম তথা উপযুক্ত স্থানত ব্যৱহাৰ কৰিব, তেওঁ ব্যৱসায়ত লাভৱান হ'ব। আনহাতে যিয়ে মূলধন বিনষ্ট কৰিব সি ক্ষতিগ্ৰস্ত হ'ব আৰু অনুতপ্ত হ'ব।

ইবনুল খাঝিনে কৈছেঃ নিয়ামত সেইটোক কোৱা হয়, যিটোক মানুহে উপভোগ কৰে তথা যিটোৰ দ্বাৰা মানুহে আনন্দিত হয়। অঁকৰা বা বুৰ্বক হৈছে সেই ব্যক্তি যিয়ে অত্যাধিক দামত বস্তু ক্ৰয় কৰে অথবা আচল মূল্যতকৈ কম দৰত বস্তু বিক্ৰী কৰে। এতেকে যিজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ আৰু দুনিয়াৱী ব্যস্ততাৰ পৰাও অৱসৰ পাইছে, তেনেকুৱা ব্যক্তিয়ে যদি নিজৰ আখিৰাত সংশোধন কৰাৰ প্ৰয়াস নকৰে তেন্তে সেই ব্যক্তি হৈছে এনেকুৱা বুৰ্বক যিয়ে নিজৰ ব্যৱসায়ত লোকচান কৰে।

আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ ক্ষেত্ৰত সুস্থতা আৰু অৱসৰ সময়ৰ জৰিয়তে উপকৃত হ'বলৈ আগ্ৰহী হোৱা উচিত। এই সুযোগ পাৰ হোৱাৰ আগতে সেই সময়ছোৱাত নেক কৰ্ম বেছি বেছি কৰা উচিত।

আল্লাহে প্ৰদান কৰা নিয়ামত তেওঁৰ আনুগত্যত ব্যৱহাৰ কৰাটোৱে হৈছে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা।

ক্বাজীয়ে আৰু আবু বকৰ ইবনুল আৰাবীয়ে কৈছেঃ এইক্ষেত্ৰত মতানৈক্য আছে যে, বান্দাসকলৰ ওপৰত থকা আল্লাহৰ প্ৰথম নিয়ামত কোনটো? কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে ঈমান। আন কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে জীৱন। আন কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে সুস্বাস্থ্য তথা সুস্থতা। প্ৰথম মতটোৱে বেছি উপযুক্ত। কাৰণ এইটো হৈছে এটা পূৰ্ণাংগ ব্যাপক নিয়ামত। আনহাতে জীৱন আৰু সুস্বাস্থ্য হৈছে দুনিয়াৱী নিয়ামত। কাৰণ ঈমান নাথাকিলে এই দুটা প্ৰকৃত নিয়ামত হিচাপে গণ্য নহয়। এইকাৰণেই এই দুটা নিয়ামতৰ দ্বাৰা বেছিভাগ লোকেই উপকৃত নহয়, তথা লোকচানৰ সন্মুখীন হয়। এতেকে যিয়ে প্ৰবৃত্তিৰ কামনা বাসনাৰ প্ৰতি আসক্ত হৈ সেইফালে ধাৱিত হয় আৰু চৰীয়তৰ সীমাৰেখা লংঘন কৰে, নিয়মিতভাৱে ইবাদত পালন নকৰে, সি ক্ষতিগ্ৰস্ত হয়। এইদৰে যেতিয়া মানুহে অৱসৰি সময় কটায়, তেতিয়া তাৰ ওচৰত কোনো বাহানা নাথাকে, পক্ষান্তৰে ব্যস্ত মানুহৰ ওচৰত উত্থাপন কৰিব পৰা বাহানা থাকে। সেয়ে ব্যস্ত মানুহৰ তুলনাত খালী সময় পাৰ কৰা মানুহক জবাবদিহি কৰাৰ অধিক থল থাকে।

সম্পাদক

ছহীহ বুখাৰী (8/ 88) (6412).

অধিক (8)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 131).

شرح رياض الصالحين.

لابن عثيمين (2/ 65).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 180).

تحفة الأحوذي بشرح جامع الترمذي.

للمباركفوري (6/ 485).