যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"
«مَنْ لَبِسَ الحَرِيرَ فِي الدُّنْيَا لَمْ يَلْبَسْهُ فِي الآخِرَةِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, পুৰুষসকলৰ মাজৰ যিয়ে পৃথিৱীত ৰেচম বস্ত্ৰ পৰিধান কৰিব, যদি সি তাওবা নকৰে তেন্তে শাস্তিস্বৰূপে আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব,
ৰেচমৰ দ্বাৰা বুজোৱা হৈছে নিৰ্ভেজাল বিশুদ্ধ ৰেচম কাপোৰ। আনহাতে কৃত্ৰিম ৰেচম এই হাদীছৰ অন্তৰ্ভুক্ত নহয়।
পুৰুষসকলে ৰেচম বস্ত্ৰ পৰিধান কৰা হাৰাম।
ৰেচম কাপোৰ কেৱল পৰিধান কৰাটোৱে নিষেধ নহয়, বৰং বিছনাত পাৰি ব্যৱহাৰ কৰাটোও নিষেধ।
পুৰুষসকলৰ কাপোৰত দুইৰ পৰা চাৰি আঙুলি পৰিমাণ ৰেচমৰ টুকুৰা ব্যৱহাৰ কৰা বৈধ, তালি লগাবলৈ হওক বা কাপোৰৰ তলৰ অংশত ব্যৱহাৰ কৰিবলৈ হওক।
ছহীহ বুখাৰী (7/ 150) (5834).
ছহীহ মুছলিম (3/ 1641) (2069).
অধিক (2)
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (4/ 207).