আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, আৰু আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, আৰু আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ।
«أَفْضَلُ الذِّكْرِ: لَا إِلَهَ إِلَّا اللهُ، وَأَفْضَلُ الدُّعَاءِ: الْحَمْدُ لِلهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, ইয়াৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইদৰে আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ। অৰ্থাৎ এই কথা স্বীকাৰ কৰা যে, আল্লাহেই হৈছে নিয়ামত প্ৰদানকাৰী। সেয়ে তেৱেঁই হৈছে পূৰ্ণাংগ গুণাৱলী আৰু প্ৰশংসাৰ অধিকাৰী।
...:
হাদীছটোৰ দ্বাৰা কলিমা তাওহীদ বেছি বেছি পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে আলহামদুলিল্লাহ তথা আল্লাহৰ প্ৰশংসাৰ জৰিয়তে দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছুনান তিৰমিজী (5/ 393) (3383).
অধিক (4)
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخِن وغيره (2/ 984).
زاد المعاد في هدي خير العباد.
ابن قيم الجوزية (1/ 36).