Skip to content

বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।"

«مَا مِنْ يَوْمٍ يُصْبِحُ العِبَادُ فِيهِ إِلَّا مَلَكَانِ يَنْزِلاَنِ، فَيَقُولُ أَحَدُهُمَا: اللَّهُمَّ أَعْطِ مُنْفِقًا خَلَفًا، وَيَقُولُ الآخَرُ: اللَّهُمَّ أَعْطِ مُمْسِكًا تَلَفًا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দৈনিক পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতৰণ কৰে, আৰু তেওঁলোকে এই বুলি দুআ কৰে। এজনে কয়ঃ হে আল্লাহ! যিয়ে সৎপথত ব্যয় কৰে, পৰিয়ালবৰ্গ আৰু অতিথি আপ্যায়নত ব্যয় কৰে, লগতে দান খয়ৰাত কৰে, তাক তুমি উত্তম প্ৰতিদান দিয়া আৰু তাৰ সম্পদত বৰকত দিয়া। দ্বিতীয়জনে কয়ঃ হে আল্লাহ! যিয়ে কৃপণালি কৰি সম্পদ ধৰি ৰাখে, তথা হিতাধিকাৰীক নিদিয়ে, তাৰ সম্পদ ধ্বংস কৰি দিয়া।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

দানকাৰীক এই দুআ দিয়া বৈধ যে, আল্লাহে তাৰ এই দানৰ বিনিময়ত আৰু অধিক প্ৰদান কৰক তথা উত্তম প্ৰতিদান দিয়ক। পক্ষান্তৰে কৃপণ ব্যক্তিৰ বাবে এই দুআ কৰা বৈধ যে, আল্লাহে তাৰ সেই সম্পদ ধ্বংস কৰি দিয়ক যিটোক সি কৃপণতাবশতঃ সঞ্চয় কৰি ৰাখিছে, যিটোক আল্লাহে দান কৰিবলৈ অনিবাৰ্য্য কৰিছিল।

পুণ্যৱান দানকাৰী মুমিনসকলৰ বাবে ফিৰিস্তাসকলে দুআ কৰে, আৰু তেওঁলোকৰ দুআ কবূল কৰা হয়।

ওৱাজিব আৰু নফল দান খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে। উদাহৰণস্বৰূপে পৰিয়ালৰ প্ৰতি ব্যয় কৰা, আত্মীয়-স্বজনৰ প্ৰতি ব্যয় কৰা, আৰু অন্যান্য কল্যাণকৰ শিতানত ব্যয় কৰা।

কল্যাণকৰ শিতানত ব্যয় কৰা ব্যক্তিৰ ফজীলত বৰ্ণিত হৈছে। ইয়াৰ বিনিময়ত আল্লাহে তাক উত্তম প্ৰতিদান দিয়ে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তাৰ বিনিময় তেৱেঁই প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।" (ছুৰা ছাবাঃ ৩৯)

কৃপণ ব্যক্তিৰ প্ৰতি এই বদ্দুআ কেৱল ওৱাজিব দান খয়ৰাতৰ ক্ষেত্ৰতহে কৰা হয়। নফল তথা মুস্তাহাব দান খয়ৰাত ইয়াৰ অন্তৰ্ভুক্ত নহয়। কাৰণ নফল দান খয়ৰাতৰ পৰা বিৰত থকা ব্যক্তি এনেকুৱা দুআৰ উপযুক্ত নহয়।

কটকিনালি, কৃপণালি আদি হৈছে হাৰাম।

সম্পাদক

ছহীহ বুখাৰী (2/ 115) (1442).

ছহীহ মুছলিম (2/ 700) (1010).

অধিক (6)

شرح رياض الصالحين.

لابن عثيمين (3/ 157).

نزهة المتقين بشرح رياض الصالحين.

لمجموعة من الباحثين (1/ 293).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 376).