নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এজনী দৰিদ্ৰ মহিলা তাইৰ দুজনী কন্যা সন্তান কোলাতলৈ মোৰ ওচৰলৈ আহিল। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। ইয়াৰ পিছত তাই দুয়ো কন্যাক এটা এটাকৈ খেজুৰ ভগাই দিলে আৰু এটা খেজুৰ নিজে খাবলৈ মুখ পৰ্যন্ত উঠাইছে ইতিমধ্যে ছোৱালী দুজনীয়ে সেইটোও খাব বিচাৰিলে। ফলত মহিলাগৰাকীয়ে সেই খেজুৰটোকো ফালি দুভাগ কৰি উভয়ৰ মাজত বণ্টন কৰি দিলে। তাইৰ এই কৰ্মটোৱে মোক অত্যন্ত মুগ্ধ কৰিলে। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উক্ত বিষয়টো উল্লেখ কৰিলোঁ। তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।"
جَاءَتْنِي مِسْكِينَةٌ تَحْمِلُ ابْنَتَيْنِ لَهَا، فَأَطْعَمْتُهَا ثَلَاثَ تَمَرَاتٍ، فَأَعْطَتْ كُلَّ وَاحِدَةٍ مِنْهُمَا تَمْرَةً، وَرَفَعَتْ إِلَى فِيهَا تَمْرَةً لِتَأْكُلَهَا، فَاسْتَطْعَمَتْهَا ابْنَتَاهَا، فَشَقَّتِ التَّمْرَةَ الَّتِي كَانَتْ تُرِيدُ أَنْ تَأْكُلَهَا بَيْنَهُمَا، فَأَعْجَبَنِي شَأْنُهَا، فَذَكَرْتُ الَّذِي صَنَعَتْ لِرَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «إِنَّ اللهَ قَدْ أَوْجَبَ لَهَا بِهَا الْجَنَّةَ، أَوْ أَعْتَقَهَا بِهَا مِنَ النَّارِ».
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে যে, এজনী দুখীয়া মহিলাই দুটি কন্যা শিশু কোলাতলৈ মোৰ ওচৰলৈ আহি ভিক্ষা খুজিলে। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। কিন্তু তাই খেজুৰ তিনিটা লৈ এটা এটাকৈ ছোৱালী দুজনীক ভগাই দিলে আৰু এটা নিজে খাবলৈ মুখৰ ফালে আনিলে, কিন্তু তাইৰ শিশু দুটিয়ে সেইটোও বিচাৰিলে। এই দেখি তাই খেজুৰটো ফালি দুভাগ কৰি দুয়ো শিশুক ভগাই দিলে। ঘটনাটো দেখি আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই মুগ্ধ হ'ল আৰু তেওঁ ঘটনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বৰ্ণনা কৰিলে। ঘটনাটো শুনি তেখেতে ক'লেঃ নিশ্চয় মহান আল্লাহে তাইৰ এই এটা খেজুৰৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক ইয়াৰ ফলত জাহান্নামৰ পৰা মুক্ত কৰি দিছে।
হাদীছটোত চাদাক্বাৰ ফজীলত বৰ্ণিত হৈছে, যদিও সেয়া সামান্য পৰিমাণৰে নহওক কিয়। এইটো হৈছে মুমিন ব্যক্তিৰ নিজ প্ৰতিপালকৰ প্ৰতি থকা ঈমানৰ সত্যতাৰ প্ৰমাণ, লগতে তেওঁৰ প্ৰতিশ্ৰুতি আৰু অনুগ্ৰহৰ প্ৰতি থকা আস্থাৰ প্ৰমাণ।
সন্তানসকলৰ প্ৰতি থকা মাকৰ অত্যন্ত মুহাব্বতৰ বহিঃপ্ৰকাশ, তেওঁলোকে সদায় সন্তানৰ ক্ষতিৰ পৰা সাৱধান থাকে।
হাদীছটোত আত্মত্যাগ, সন্তানৰ প্ৰতি থকা কৰুণা, কন্যাসকলৰ প্ৰতি থকা অত্যন্ত দয়া আৰু কোমলতাৰ ফজীলত উল্লেখ হৈছে। লগতে এইটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ অন্যতম কাৰণ।
পৰিমাণত কম বুলি নগণ্য ভবাটো দান-খয়ৰাতৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। বৰং দানকাৰী ব্যক্তিয়ে নিজৰ সামৰ্থ অনুযায়ী কম হওক বা বেছি দান কৰিব লাগে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰৰ অৱস্থা আৰু তেখেতৰ পৰিয়ালে কেনেকৈ জীৱন-যাপন কৰিছিল সেইটোও উল্লেখ হৈছে যে, তেওঁলোকৰ ঘৰত কেইটামান খেজুৰৰ বাহিৰে আন একো খোৱা বস্তু নাছিল।
ছহীহ মুছলিম (4/ 2027) (2630).
অধিক (6)
تطريز رياض الصالحين.
لفيصل آل مبارك (ص199).
شرح رياض الصالحين.
لابن عثيمين (3/ 111).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 278).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحجاءتني مسكينة تحمل ابنتين لها، فأطعمتها ثلاث تمرات، فأعطت كل واحدة منهما تمرة، ورفعت إلى فيها تمرة لتأكلها، فاستطعمتها ابنتاها، فشقت التمرة، التي كانت تريد أن تأكلها بينهما، فأعجبني شأنها، فذكرت الذي صنعت لرسول الله صلى الله عليه وسلم فقال:
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«إنَّ اللهَ قَدْ أوْجَبَ لهَا بِهَا الجَنَّةَ، أَوْ أَعْتَقَهَا بِهَا مِنَ النَّارِ».