Skip to content

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।"

«إِذَا وَجَدَ أَحَدُكُمْ فِي بَطْنِهِ شَيْئًا، فَأَشْكَلَ عَلَيْهِ أَخَرَجَ مِنْهُ شَيْءٌ أَمْ لَا، فَلَا يَخْرُجَنَّ مِنَ الْمَسْجِدِ حَتَّى يَسْمَعَ صَوْتًا، أَوْ يَجِدَ رِيحًا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি কোনো মুচল্লীৰ পেটত কিবা অনুভৱ হোৱাৰ পিছত সি সন্দেহত পতিত হয় যে, কিবা ওলালেই নেকি? তেনেকুৱা ব্যক্তিয়ে কেৱলমাত্ৰ সন্দেহৰ বশৱৰ্তী হৈ নামাজ ভংগ কৰি পুনৰ অজু কৰাৰ প্ৰয়োজন নাই। কিন্তু হয়, যদি অজু ভংগ হৈছে বুলি সি নিশ্চিত হয় তেন্তে বিষয়টো সুকীয়া। অৰ্থাৎ যদি বায়ু ওলোৱাৰ শব্দ পায়, অথবা গোন্ধ পায়। কিয়নো সন্দেহৰ বশৱৰ্তী হৈ য়াক্বীনক নাকচ কৰিব নোৱাৰি। যিহেতু সি যে অজু কৰিছে এইটো নিশ্চিত, কিন্তু অজু ভংগ হৈছে নে নাই এইটোহে সন্দেহযুক্ত।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক বিষয়ৰ উৎস আৰু ফিকাহৰ এটা অন্যতম নীতি। সেয়া হৈছে এই যে, সন্দেহৰ বশৱৰ্তী হৈ কেতিয়াও য়াক্বীনক নাকচ কৰিব নোৱাৰি। মূল হৈছে পূৰ্বৱৰ্তী অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত থকা, যেতিয়ালৈকে ইয়াৰ বিপৰীত কোনো বিষয় নিশ্চিত নহয়।

সন্দেহে কেতিয়াও পৱিত্ৰতাত প্ৰভাৱ পেলাব নোৱাৰে। সেয়ে মুচল্লীয়ে অজু ভংগ হোৱাৰ বিষয়ে নিশ্চিত নোহোৱালৈকে নিজৰ পৱিত্ৰতাৰ ওপৰতে নিশ্চিত থকা উচিত।

সম্পাদক

ছহীহ মুছলিম (1/ 276) (362).

অধিক (2)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (8/ 374).

المفهم لما أشكل من تلخيص كتاب مسلم (1/ 608).