Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"তিনি প্ৰকাৰ লোকৰ সৈতে কিয়ামতৰ দিনা আল্লাহে কথা নক’ব, আৰু সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি: চুলিবিশিষ্ট বৃদ্ধ ব্যভিচাৰী, দৰিদ্ৰ অহংকাৰী ব্যক্তি, আৰু এজন হৈছে এনেকুৱা ব্যক্তি যাক আল্লাহে পণ্যদ্ৰৱ্য দান কৰিছে, কিন্তু সি শপত নোখোৱাকৈ ক্ৰয়ো নকৰে আৰু বিক্ৰীও নকৰে।"
ছহীহ তাবৰানীয়ে বৰ্ণনা কৰিছে
নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
ছহীহ (হাকিম, তাবৰাণী)
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই (ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে) সৰু বৰ কোনো গুনাহেই বাদ দিয়া নাই। এই কথা শুনি তেখেতে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল?, এই কথা তেখেতে তিনিবাৰ কৈছিল। ব্যক্তিজনে ক'লেঃ হয়। তাৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় এইটোৱে সেইবোৰক পৰাজিত কৰিব"।
ছহীহ (আবু ইয়ালা, তাবৰাণী আৰু জিয়া মাক্বদিছী)