Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 86 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (53)
দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।"
ছহীহ তিৰমিজী, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
ছহীহ (তিৰমিজী)
"যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু মুতাফাইহিকূন (অহংকাৰ জৰ্জৰিত) ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।"
ছহীহ (তিৰমিজী)