Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 7 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (57)
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (আবু দাঊদ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। আল্লাহুম্মা ইন্নি আছআলুকা মিন খাইৰি মা ছাআলাকা আব্দুকা অনাবিয়্যুক। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা আ-জা বিহি আব্দুকা অনাবিয়্যুক। আল্লাহুম্মা ইন্নি আছআলুকাল জান্নাহ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আউজুবিকা মিনান না-ৰ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আছআলুকা আন তাজআলা কুল্লা ক্বাজায়িন ক্বাজাইতাহু লি খাইৰা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ কল্যাণ কামনা কৰোঁ, যিটো মই জানো আৰু যিটো মই নাজানো। এইদৰে মই জনা আৰু নজনা ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ অনিষ্টৰ পৰাও তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰত্যেক সেই কল্যাণ কামনা কৰোঁ, যিটো তোমাৰ বান্দা তথা নবীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। লগতে মই প্ৰত্যেক সেই অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ পৰা তোমাৰ বান্দা তথা নবীয়ে আশ্ৰয় প্ৰাৰ্থনা কৰিছে। হে আল্লাহ! মই তোমাৰ পৰা জান্নাত কামনা কৰোঁ। লগতে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্মৰ তাওফীক প্ৰাৰ্থনা কৰোঁ, যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। এইদৰে মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, লগতে প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। লগতে মই কামনা কৰোঁ, তুমি মোৰ বিষয়ে লোৱা প্ৰতিটো সিদ্ধান্তই যেন মোৰ কাৰণে কল্যাণকৰ হয়।
ছহীহ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
ছহীহ (নাছায়ী, আহমদ)
"যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামে (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা) দুআবোৰক বেছি পছন্দ কৰিছিল, ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ এৰিছিল।"
ছহীহ (আবু দাঊদ, আহমদ)
মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)