Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 85 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
ছহীহ (নাছায়ী, আহমদ)
সৰ্বশক্তিমান আল্লাহৰ এই বাণী সম্পৰ্কে কৈছেঃ {وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ} [الحج: 25] অৰ্থঃ "হাৰামত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।" তেওঁ কৈছেঃ "যদি কোনো ব্যক্তিয়ে য়ামানত অৱস্থিত আদান চহৰৰ পৰাও ইয়াত দ্বীন বিৰোধী কোনো পাপকৰ্ম কৰাৰ ইচ্ছা কৰে, তথাপিও আল্লাহে তাক কষ্টদায়ক শাস্তি বিহিব।"
ছহীহ ইমাম আহমদ আৰু হাকিমে বৰ্ণনা কৰিছে।
"যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)
"নিজৰ ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সংগ্ৰাম কৰা।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।"
ছহীহ তিৰমিজী, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীৰ পৰা বৰ্ণিত, আবু আমীৰে কৈছে যে, নাফে কৈছেঃ মোৰ ধাৰণা মতে তেওঁ চাগে হাফচা ৰাদ্বিয়াল্লাহু আনহা। তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিৰাআত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, তেওঁ কৈছেঃ তোমালোকে তেনেকৈ পঢ়িব নোৱাৰিবা। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁক কোৱা হ'ল যে, আমাক জনাই দিয়ক, তেখেতে কেনেকৈ পঢ়িছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেওঁ অত্যন্ত ধীৰ স্থিৰতাৰ সৈতে অতি সুন্দৰভাৱে তিলাৱত কৰি শুনালে। আবু আমিৰে কৈছে, নাফে কৈছে যে, ইবনু আবি মুলাইকাই আমাক ইয়াৰ পদ্ধতি দেখুৱাই কৈছেঃ তেখেতে {الحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {الرَّحْمَنِ الرَّحِيمِ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {مَالِكِ يَوْمِ الدِّينِ} পাঠ কৰি ৰৈ দিছিল।
ছহীহ (আহমদ)
"যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।