Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তপিণ্ড হিচাপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰা হয়। সেই ফিৰিস্তাক চাৰিটা কথা লিখিবলৈ নিৰ্দেশ দিয়া হয়। ফলত তেওঁ তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেইটো লিখি দিয়ে। ইয়াৰ পিছত তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায়। এতেকে তোমালোকৰ মাজৰ কোনোবাই জান্নাতবাসীৰ দৰে কাম কৰে - আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। এইদৰে তোমালোকৰ মাজৰ কোনোবাই জাহান্নামীসকলৰ দৰে কাম কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, “হে আল্লাহৰ ৰাছুল! অজ্ঞতা যুগত আমি যিবোৰ পাপকৰ্ম কৰিছোঁ তাৰ বাবে আমাক জবাবদিহি কৰা হ’ব নেকি”? তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})