Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"চাৰিটা স্বভাৱ যাৰ মাজত থাকিব, সি হৈছে প্ৰকৃত মুনাফিক। আনহাতে যাৰ মাজত ইয়াৰ কোনো এটা স্বভাৱ থাকিব, সি এইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ থাকি যাব। সেয়া হৈছেঃ কথা ক'লে, মিছা কথা কয়, প্ৰতিশ্ৰুতি দিলে ভংগ কৰে, বিবাদত লিপ্ত হ'লে অশ্লীল গালি শপনি পাৰে, চুক্তি কৰিলে বিশ্বাসঘাতকতা কৰে।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"
ছহীহ (আবু দাঊদ, আহমদ)
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ ৰাদ্বিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেওঁক কৈছিলঃ শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে তুমি সিহঁতৰ ওচৰলৈ যোৱাৰ পিছত সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল। যদি সিহঁতে তোমাৰ এই কথা মানি লয় তেন্তে তুমি সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। তোমাৰ এই কথাও যদি সিহঁতে মানি লয় তেন্তে তুমি সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত জাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা। তথা তুমি নিজকে নিৰ্যাতিত লোকৰ অভিশাপৰ পৰা আঁতৰাই ৰাখিবা, কিয়নো সিহঁতৰ প্ৰাৰ্থনা আৰু আল্লাহৰ মাজত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাথাকে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
ছহীহ (মুছলিম)
আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব। আনহাতে কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যি সৎকৰ্ম কৰে তাৰ প্ৰতিদান স্বৰূপে আল্লাহে তাক জীৱিকা প্ৰদান কৰে। ফলত আখিৰাতত তাক প্ৰতিদান দিব পৰা তাৰ ওচৰত কোনো সৎকৰ্মই অৱশিষ্ট নাথাকে।
ছহীহ (মুছলিম)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুনাফিকৰ উদাহৰণ হৈছে সেইজনী ছাগলীৰ দৰে, যিজনী ছাগলীয়ে দুটা জাকৰ মাজত উদ্ভ্ৰান্তভাৱে ঘূৰি থাকে, এবাৰ ইফালে যায়, এবাৰ সিফালে যায়।
ছহীহ (মুছলিম)