Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 27 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, “হে আল্লাহৰ ৰাছুল! অজ্ঞতা যুগত আমি যিবোৰ পাপকৰ্ম কৰিছোঁ তাৰ বাবে আমাক জবাবদিহি কৰা হ’ব নেকি”? তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব। যেতিয়া সিহঁতে এইখিনি কাম কৰিব, তেতিয়াহে সিহঁতৰ তেজ, ধন-সম্পদ মোৰ ফালৰ পৰা সুৰক্ষিত থাকিব। কিন্তু ইছলামৰ বিধান অনুযায়ী যদি কোনো কাৰণত কিবা হয় তেন্তে সেয়া সুকীয়া বিষয়। আনহাতে সিহঁতৰ হিচাপ নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি মই (যুদ্ধ ক্ষেত্ৰত) কোনো কাফিৰৰ মুখামুখি হওঁ, আমি পৰস্পৰে ইজনে সিজনক আক্ৰমণ কৰাৰ সময়ত, যদি সি তাৰ তৰোৱালেৰে মোৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত মোৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে আশ্ৰয় লয় আৰু ইয়াৰ পিছত যদি কয়ঃ মই আল্লাহৰ উদ্দেশ্যে ইছলাম গ্ৰহণ কৰিলোঁ। এই কথা কোৱাৰ পিছত হে আল্লাহৰ ৰাছুল, মই তাক হত্যা কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা।" তেতিয়া তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কৰ্তন কৰিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা। যদি তুমি তাক হত্যা কৰা তেন্তে তাক হত্যা কৰাৰ পূৰ্বে তোমাৰ যি মৰ্যাদা আছিল সেই মৰ্যাদা সি লাভ কৰিব, আনহাতে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে তাৰ যি স্তৰ আছিল, সেই স্তৰলৈ তুমি নামি যাবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।
ছহীহ (মুছলিম)
"যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})