Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল। এতেকে আল্লাহ তা‘আলাই কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) আল্লাহ তা‘আলাই আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) ইয়াৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনে এজন ব্যক্তিৰ কথা উল্লেখ কৰিলে যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাইছে, আৰু যাৰ চুলিবোৰ অপৰিপাটি তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
ছহীহ (মুছলিম)
"নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়। ইয়াৰ পিছত তেওঁ আকাশমণ্ডলত ঘোষণা দি কয়: নিশ্চয় 'আল্লাহে অমুক বান্দাক ভাল পায়, তোমালোকে তাক ভাল পোৱা'। তেতিয়া আকাশবাসীসকলে তাক ভাল পায়। তেখেতে কৈছেঃ ইয়াৰ পিছত তাক পৃথিৱীত নন্দিত সমাদৃত কৰা হয়। পক্ষান্তৰে আল্লাহে যেতিয়া কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত তেওঁ আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, 'আল্লাহে অমুক বান্দাক অপছন্দ কৰে, তোমালোকেও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে, আৰু পৃথিৱীত তাক সকলোৱে ঘৃণা কৰিবলৈ ধৰে।"
ছহীহ ছহীহ মুছলিম
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ ইবনে আদমে মোৰ প্ৰতি মিথ্যাৰোপ কৰিছে, অথচ সেয়া তাৰ বাবে উচিত নহয়, সি মোক গালি পাৰিছে যদিও সেয়া তাৰ বাবে সমীচিন নহয়। মোক মিথ্যাৰোপ কৰাটো হৈছে তাৰ এই বাক্য যে, "মোক তেওঁ কেতিয়াও পুনৰজীৱিত নকৰিব যেনেকৈ তেওঁ প্ৰথমে সৃষ্টি কৰিছে"। অথচ পুনৰ সৃষ্টি কৰাটো প্ৰথমবাৰ সৃষ্টি কৰাতকৈ কঠিন নহয়। আনহাতে সি দিয়া গালিটো হৈছে তাৰ এই কথা কোৱা যে, "আল্লাহে সন্তান গ্ৰহণ কৰিছে"। অথচ মই একক, অমুখাপেক্ষী, মই নিজেও জন্ম গ্ৰহণ কৰা নাই আৰু কাকো জন্মও দিয়া নাই, আৰু মোৰ সমকক্ষ কোনো নাই।"
ছহীহ (বুখাৰী)
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})