Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 21 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়। ইয়াৰ পিছত তেওঁ আকাশমণ্ডলত ঘোষণা দি কয়: নিশ্চয় 'আল্লাহে অমুক বান্দাক ভাল পায়, তোমালোকে তাক ভাল পোৱা'। তেতিয়া আকাশবাসীসকলে তাক ভাল পায়। তেখেতে কৈছেঃ ইয়াৰ পিছত তাক পৃথিৱীত নন্দিত সমাদৃত কৰা হয়। পক্ষান্তৰে আল্লাহে যেতিয়া কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত তেওঁ আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, 'আল্লাহে অমুক বান্দাক অপছন্দ কৰে, তোমালোকেও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে, আৰু পৃথিৱীত তাক সকলোৱে ঘৃণা কৰিবলৈ ধৰে।"
ছহীহ ছহীহ মুছলিম
"নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})