Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 28 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে মুক্ত ঘোষণা কৰিলোঁ। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু যদি মই মোৰ উম্মতৰ মাজৰ পৰা কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন। সাৱধান, তোমালোকৰ পূর্বৱর্তী উম্মতবোৰে তেওঁলোকৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা। মই তোমালোকক এই কাম কৰিবলৈ বাৰে বাৰে নিষেধ কৰোঁ।”
ছহীহ (মুছলিম)
"সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়। ফা'ল হৈছে মোৰ প্ৰিয়।" বৰ্ণনাকাৰীয়ে কৈছে, প্ৰশ্ন কৰা হ'লঃ ফা'ল কি? তেখেতে ক'লেঃ "উত্তম অৰ্থবোধক কথা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় সৰ্বশক্তিমান আল্লাহে তোমালোকক তোমালোকৰ পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত, যিদিনা মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা মই কেতিয়াও বাপ-দাদাৰ শপত খোৱা নাই। জানি বুজিও খোৱা নাই আৰু কাৰোবাৰ অনুকৰণতো খোৱা নাই।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})