Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
ছহীহ (মুছলিম)
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ। মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।' ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।" আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।' ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?' তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
ছহীহ (মুছলিম)