Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য কোনে কোনে লাভ কৰিব? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! হাদীছৰ প্ৰতি মই তোমাৰ আগ্ৰহ দেখিয়ে গম পাইছিলোঁ যে, এই বিষয়ে সৰ্বপ্ৰথম তুমিয়ে সুধিবা। শুনা, কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।
ছহীহ (বুখাৰী)
তেওঁ কোনো এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ কৈছে, লোকসকল টোপনিত থকা অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বাৰ্তাবাহক প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে, "কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়। ফা'ল হৈছে মোৰ প্ৰিয়।" বৰ্ণনাকাৰীয়ে কৈছে, প্ৰশ্ন কৰা হ'লঃ ফা'ল কি? তেখেতে ক'লেঃ "উত্তম অৰ্থবোধক কথা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় সৰ্বশক্তিমান আল্লাহে তোমালোকক তোমালোকৰ পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত, যিদিনা মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা মই কেতিয়াও বাপ-দাদাৰ শপত খোৱা নাই। জানি বুজিও খোৱা নাই আৰু কাৰোবাৰ অনুকৰণতো খোৱা নাই।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})