Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

মোজাৰ ওপৰত মছেহ কৰা সম্পৰ্কে সুধিবলৈ মই ছাফৱান ইবনু আচ্ছাল আল-মুৰাদীৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক ক’লেঃ “হে ঝিৰ! কি উদ্দেশ্যে আহিছা?” মই ক’লোঁঃ “ইল্মৰ সন্ধানত আহিছোঁ!” তেতিয়া তেওঁ ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অনুসন্ধানত আনন্দিত হৈ ইল্মৰ অন্বেষণকাৰীৰ বাবে নিজৰ পাখি মেলি দিয়ে। মই ক’লোঁঃ মল-মূত্ৰ ত্যাগ কৰাৰ পিছত মোজাৰ ওপৰত মছেহ সম্পৰ্কীয় এটা বিষয়ত মোৰ মনত সন্দেহৰ সৃষ্টি হৈছে। যিহেতু আপুনি হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী, সেয়ে মই আপোনাক সুধিবলৈ আহিছোঁ। এই বিষয়ে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? তেওঁ ক’লেঃ “হয়, শুনিছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।” মই ক’লোঁঃ আপুনি তেখেতক মুহাব্বত সম্পৰ্কে কিবা কোৱা শুনিছেনে? তেওঁ ক’লেঃ হয়, শুনিছোঁ। আমি এটা ছফৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ। এদিন আমি তেখেতৰ ওচৰতে আছিলোঁ, সেই সময়ত এজন বেদুঈনে উচ্চস্বৰে মাতি ক’লে, ‘হে মুহাম্মদ!’ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তাৰ দৰেই উচ্চ স্বৰে ক'লে, ‘হয় আহা’। আমি সেই বেদুঈনজনক ক’লোঁ, ‘হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি! তোমাৰ কণ্ঠস্বৰ নিম্নগামী কৰা; কাৰণ তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আছা। কিয়নো (কোৰআনত) নবীৰ সন্মুখত উচ্চ স্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে।’ মানুহজনে ক’লেঃ ‘আল্লাহৰ শপত, মই নিম্ন স্বৰে কথা ক’ব নোৱাৰোঁ।’ মানুহজনে সুধিলেঃ (সেই ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি) যিয়ে এটা সম্প্ৰদায়ক ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে সেই ব্যক্তি মিলিত হ'ব পৰা নাই।’ তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “যিয়ে যাক ভাল পায়, কিয়ামতৰ দিনা তেওঁ তাৰ সৈতেই উপস্থিত হ'ব।” ইয়াৰ পিছত তেখেতে আমাৰ সৈতে আলোচনা কৰি আছিল। অৱশেষত তেখেতে পশ্চিম দিশত থকা এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো দুৱাৰ ইমান দীঘল যে, এটা অশ্বাৰোহীয়ে তাৰ এটা প্ৰান্তৰ পৰা আন প্ৰান্তলৈ যাবলৈ চল্লিশ বা সত্তৰ বছৰ সময় লাগিব।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)