Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
ছহীহ (মুছলিম)
"কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।" মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল, তেতিয়া নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰিব নেকি?" তেখেতে ক'লে: "হে আঈশ্বা, পৰিস্থিতি ইমান ভয়ংকৰ হ'ব যে, ইজনে সিজনৰ প্ৰতি চোৱাতো দূৰৈৰ কথা, (কল্পনা কৰাও সম্ভৱ নহয়)।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।
ছহীহ (মুছলিম)
মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম, লগতে ইয়াত থকা পান পাত্ৰবোৰ হ'ব আকাশৰ তৰাৰ নিচিনা। যিয়ে ইয়াৰ পৰা এবাৰ সেৱন কৰিব তেওঁ দ্বিতীয়বাৰ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যিয়ে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, লগতে ঈছা হৈছে তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})