Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 7 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"
ছহীহ (তিৰমিজী)
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
ছহীহ (তিৰমিজী, আহমদ)
“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
কিয়ামতৰ দিনা আল্লাহে মোৰ উম্মতৰ এজন ব্যক্তিক গোটেই সৃষ্টিজগতৰ সন্মুখত পৃথককৈ উপস্থিত কৰিব। তেওঁ সেই ব্যক্তিৰ সন্মুখত নিৰানব্বৈটাকৈ আমলনামাৰ ৰেজিষ্টাৰ উন্মুক্ত কৰিব, প্ৰতিটো ৰেজিষ্টাৰৰ দৈৰ্ঘ্য হ'ব দৃষ্টিৰ সীমা পৰ্যন্ত। ইয়াৰ পিছত তেওঁ তাক সুধিব, এইবোৰৰ মাজৰ কোনো এটা (গুনাহ)ক তুমি অস্বীকাৰ কৰা নেকি? মোৰ লেখক ফিৰিস্তাসকলে তোমাৰ ওপৰত কোনো অন্যায় কৰিছে নেকি? সি ক'বঃ নহয়, হে মোৰ প্ৰতিপালক। তেওঁ আকৌ সুধিবঃ তোমাৰ কোনো অভিযোগ আছে নেকি? সি ক'বঃ কোনো অভিযোগ নাই, হে মোৰ প্ৰতিপালক। তেতিয়া তেওঁ ক'বঃ আমাৰ ওচৰত তোমাৰ এটা নেকী আছে। আজি তোমাৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব। ইয়াৰ পিছত এখন কাৰ্ড উলিওৱা হ'ব। য'ত লিখা থাকিব- أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। তাৰ পিছত তেওঁ তাক ক'বঃ তুমি তুলাচনীৰ ওচৰলৈকে যোৱা। তেতিয়া সেই ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! ইমানবোৰ ৰেজিষ্টাৰৰ বিপৰীতে এই কাৰ্ডখনৰ কি ওজন হ'ব পাৰে? তেওঁ ক'বঃ তোমাৰ ওপৰত আজি কোনো ধৰণৰ অন্যায় কৰা নহ'ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইয়াৰ পিছত সেই ৰেজিষ্টাৰবোৰক এটা পাল্লাত দিয়া হ'ব আৰু সেই কাৰ্ডখনক আনটো পাল্লাত দিয়া হ'ব, ফলত ৰেজিষ্টাৰৰ পাল্লা পাতল হ'ব আৰু কাৰ্ড থকা পাল্লাটো গধূৰ হ'ব। (জানি থোৱা) আল্লাহৰ নামতকৈ অধিক গধূৰ আন কোনো বস্তু হ'ব নোৱাৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ)
"ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।"
ছহীহ (তিৰমিজী)
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
হাছান (তিৰমিজী, ইবনে মাজাহ)