Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113] নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟ নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})